গুৱাহাটী মহানগৰীত (Guwahati City) পুনৰ দিন-দুপৰতে চাঞ্চল্যকৰ ডকাইতিৰ (Dacoit Loot 5 Lakhs) ঘটনা সংঘটিত হয়। মহানগৰীৰ পাথৰকুৱৰীৰ মেগজিনত সংঘটিত হৈছে এই চাঞ্চলকৰ ঘটনা। দিন-দুপৰতে ৰাজপথত এগৰাকী মহিলাৰ পৰা দুৰ্বৃত্তই লুটি নিলে নগদ ৫ লাখ টকা।
পালছাৰ বাইকত অহা হেলমেট পৰিহিত দুই দুৰ্বৃত্তই মহিলাৰ বেগসহ টানি নিলে ৫ লাখ টকা। দুই দুৰ্বৃত্তই মহিলা গৰাকীৰপৰা বেগ টানি নিওতে ৰাজপথতে বাগৰি পৰে মহিলাগৰাকী। মহিলা দুগৰাকীয়ে সাতগাঁওস্থিত SBI বেংকৰ (Satgaon Sbi Bank) পৰা ৫ লাখ টকা উলিয়াই এখন মেজিক বাহনত পাথৰকুৱেৰীৰ মেগজিনত নিজ বাসগৃহ অভিমুখে আহি আছিল।
মেগজিনত বাহনৰ পৰা নামিবলৈ লওঁতে ৰাজপথত সংঘটিত হয় এই ঘটনা। দুৰ্বৃত্তৰ দলটোৱে ধন খিনি লুট কৰি তীব্ৰ বেগেৰে ছয়মাইল অভিমুখে পলায়ন কৰে। ভুক্তভোগী মহিলাগৰাকীয়ে জানিব দিয়া মতে এটুকুৰা মাটি ক্ৰয় কৰিবলৈ বেংকৰ পৰা ওলিয়াইছিল নগদ পাঁচ লাখ টকা। ভুক্তভোগী মহিলাগৰাকীয়ে নুনমাটি থানাত দিয়া এজাহাৰ দিয়াৰ ভিত্তিত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ভুক্তভোগী জয়া ৰাজখোৱা নামৰ মহিলা গৰাকীৰ ঘৰ পাথৰকুৱাৰীৰ মেগজিনত।
Photo & Input: Ramesh baishya
আৰু পঢ়কঃ https://khatangkhobor.com/news/national/4-boys-death-by-train-while-taking-selfie-in-gurugram/6885/
Discussion about this post