গুৱাহাটী মহানগৰীত (Guwahati) সংঘটিত হৈছে পুনৰ শিশু অপহৰণৰ ঘটনা (Child Kidnapping Case)। ১০ বছৰীয়া এটি কন্যা শিশুক অপহৰণৰ চেষ্টা চলায় ঘৰুৱা গাড়ীচালকে (Driver Trying To Kidnap 10 Years Old Girl)। অপহৰণ কৰি পৰিয়ালক ৭ লাখ টকা দাবী কৰিছিল ঘৰুৱা চালকজনে (7 Lakh Demands)।
জানিবলৈ দিয়া অনুসৰি, ঘৰুৱা চালকজনে টিউচনলৈ নিয়াৰ পথৰ পৰাই ডাঃ বুদ্ধদিত্য ভট্টাচাৰ্যৰ ১০ বছৰীয়া কন্যাক অপহৰণ কৰে। অপহৰণ কৰি শিশুটিৰ মুক্তিপণৰ বাবদ ৭ লাখ টকাৰ দাবী কৰিছিল অপহৰণকাৰী চালকজনে। লগে লগে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছিল।
অপহৰণকাৰী ঘৰুৱা চালকজনৰ নাম নৰহৰি বৰ্মন।
কিন্তু দিছপুৰ, ভঙাগড়, বশিষ্ঠ আৰক্ষীৰ তৎপৰতাত সুকলমে শিশুটিক উদ্ধাৰ কৰা হয়। খানাপাৰাৰ গণেশ মন্দিৰৰ সমীপৰ পৰা আৰক্ষীয়ে শিশুটিক উদ্ধাৰ কৰে (Kidnap Child Recover)।
অপহৰণকাৰী চালকজন বৰপেটাৰ বুলি জানিব পৰা গৈছে। অৱশ্যে ভঙাগড় আৰক্ষীয়ে (Bhangagarh Police) ইতিমধ্যে নৰহৰি বৰ্মনক গ্ৰেপ্তাৰ (Kidnapper Arrest) কৰিছে।
শিশুটিৰ ঘৰ ভঙাগড় থানাৰ অন্তৰ্গত শ্ৰীনগৰত। আৰু শ্ৰীনগৰৰ পৰা টিউচন বাবে লাচিত নগৰলৈ শিশুটিক লৈ গৈছিল অপহৰণকাৰী চালক নৰহৰি বৰ্মনে। আনদিনাৰ দৰে বৃহস্পতিবাৰেও সন্ধিয়া নৰহৰি বৰ্মনে শিশুটিক টিউচনলৈ বুলি লৈ গৈছিল। কিন্তু টিউচনলৈ নিয়াৰ বিপৰীতে নৰহৰিয়ে অপহৰণৰ চেষ্টা চলায় শিশুটিক।
আৰু খানাপাৰৰ গণেশ মন্দিৰৰ পিছফালৰ এক নিজান ঠাইত গাড়ী ৰাখি নৰহৰিয়ে শিশুটিৰ মাতৃক আৰু মুক্তিপণৰ বাবে টেলিফোনত ধন দাবী কৰিছিল।
ইফালে ঘটনা সন্দৰ্ভত পিতৃ-মাতৃৰ মন্তব্য- ‘ঘৰত কাম কৰা লোক যিমান পুৰণি হ’লেও বিশ্বাস কৰিব নালাগে। আমি বিশ্বাস কৰিয়েই ভুল কৰিলো।’ কালি সন্ধিয়া আগৰ দৰে টিউচনলে বুলি লৈ গৈছিল ছোৱালীজনী। আমাক ৫ৰ পৰা ৭ লাখ টকা দাবী কৰিছিল। ভঙাগড় আৰক্ষীৰ সলাগ ল’ব লাগিব। আমি খবৰ দিয়া লগেই লগেই খুব কম সময়ৰ ভিতৰতে দোষী গ্ৰেপ্তাৰ কৰিলে। অপহৰণ কৰাৰ কথা স্বীকাৰ অভিযুক্ত নৰহৰিৰ।’
Photo: Ramesh Baishya
Discussion about this post