হাজোৰ (Hajo) বুল্লুটত চিনেমাৰ কায়দাৰে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে কেইবাটাও গৰু চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড চানাতুল্লা বিহাৰী। অৱশেষত হাজো আৰক্ষীৰ (Hajo Police) জালত পৰিছে অসম আৰক্ষীৰ মষ্ট ৱাণ্টেড গৰু চুৰি চক্ৰৰ মূল মাষ্টাৰ মাইণ্ড কুখ্যাত চানাতুল্লা বিহাৰী।
আৰক্ষীয়ে হাজোৰ বুল্লুটৰ পৰা গোপন খবৰৰ ভিত্তিত আটক কৰিবলৈ সক্ষম হৈছে শতাধিক গৰু চুৰিৰ ঘটনাৰ লগত জড়িত এইটো দুৰ্ধৰ্ষ গৰু চুৰ চানাতুল্লাক।
কেৱল হাজো আৰক্ষী থানাতেই নহয়, অসমৰ বহু কেইকেইখন আৰক্ষী থানাত শতাধিক গোচৰ ৰুজু হৈ আছে এইটো কুখ্যাত গৰু চোৰ চানাতুল্লা বিহাৰীৰ বিৰুদ্ধে। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি পলাই থকা চানাতুল্লাক অৱশেষত হাজো আৰক্ষীয়ে আজি বুল্লুটৰ পৰা চিনেমাৰ কায়দাৰে আটক (Detain) কৰিবলৈ সক্ষম হৈছে।
চানাতুল্লা আটক হোৱাৰ পিছতে এতিয়া স্বস্তিৰ নিশ্বাস এৰিছে অসম আৰক্ষীয়ে। উল্লেখ্য হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বাবুল কুমাৰ মেধিৰ নেতৃত্বত চলিছিল এই অভিযান।
Photo & Input: বিকি মেধি
Discussion about this post