বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ কৰাৰ বাবে যুৱতীৰ ঘৰৰ সন্মুখতে প্ৰেমিকে হাত কাটি আত্মহত্যাৰ চেষ্টা চলাই (Boy Attempt Suicide For lover Rejection Of Marriage Proposal)। এই একপক্ষীয় প্ৰেমৰ (One Sided Love) ঘটনা সংঘটিত হৈছে কৰিমগঞ্জৰ (Karimganj) আজাদসাগৰ লংগাই ৰোড এলেকাত।
প্ৰেমিকে হাত কটাৰ পিছত তেজেৰে ৰাঙলী হ’ল যুৱতীৰ ঘৰৰ চৌহদ। প্ৰেমিকৰ অভিযোগ অনুসৰি দীৰ্ঘদিনে যুৱতীগৰাকীৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক। অৱেশষত প্ৰেমিকে দিছিল বিয়াৰ প্ৰস্তাৱ। কিন্তু যুৱতীগৰাকীয়ে অস্বীকাৰ কৰে দুয়োৰে মাজত থকা প্ৰেমৰ সম্পৰ্কৰ কথা। কেৱল এয়াই নহয় যুৱকজনক চিনি নাপায় বুলিও পৰিয়ালৰ সন্মুখত কয়।
যুৱতীৰ এই প্ৰতাৰণা সহ্য কৰিব নোৱাৰি প্ৰেমিক কাৰ্তিক নমশূদ্ৰই হাত কাটি আত্মহত্যাৰ চেষ্টা চলায় (Attempt Suicide By Cutting Vein In Hand)। ঘটনাটো দেখা পাই স্থানীয় লোকে প্ৰেমিক যুৱকজনক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱায়। প্ৰেমিক বৰ্তমান বিপদমুক্ত।
Photo & Input: Sujoy shyam
Discussion about this post