শিক্ষক দিৱসৰ (Teachers’ Day) দিনাই ফাদিল হ’ল এগৰাকী শিক্ষকৰ কু-কাণ্ড ৷ ৬ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন প্ৰধান শিক্ষকৰ (Six Minors Allegedly Sexually Assaulted by Principal in Biswanath)। এই লজ্জাজনক ঘটনাটো সংঘটিত হৈছে বিশ্বনাথৰ (Biswanath) চেলাইখাটিৰ হলী চাইল্ড ইংৰাজী বিদ্যালয়ত (Holy Child English School)। বিদ্যালয়খন এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়।
ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে। বিদ্যালয়খনৰ প্ৰদীপ চাংমা (Pradeep Sangma) নামৰ প্ৰধান শিক্ষকজনে ৬ গৰাকীকৈ ছাত্ৰীক যৌন নিৰ্যাতন (Sexually Assaulted) চলাই ৷ যৌন নিৰ্যাতন চলোৱা আটাইকেইগৰাকী ছাত্ৰীৰে বয়স ৭ বছৰৰ তলত ৷ আটাইকেইগৰাকী ছাত্ৰী হোষ্টেলত থাকি পঢ়া-শুনা কৰিছিল ৷ ছাত্ৰী কেইগৰাকীক হোষ্টেলৰ ভিতৰতে নিৰ্যাতন চলাইছিল পাষণ্ড শিক্ষকজনে। ঘটনাটো পোহৰলৈ অহাৰ পিছত শনিবাৰে শিক্ষকগৰাকীয়ে বিদ্যালয়খনৰ পৰা পলায়ন কৰিছে।
সোমবাৰে ছাত্ৰী কেইগৰাকীৰ অভিভাৱকসকলে ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। বালিচাং আৰক্ষীয়ে (Balisang Police) বিদ্যালয়খনত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Photo: Khatang Khobor
Discussion about this post