তেলেংগানাৰ ৰাজধানী হায়দৰাবাদ (Hyderabad)ত ৬ বছৰীয়া কণমানিক ধৰ্ষণ আৰু তাৰ পিছত হত্যাৰ অভিযুক্তৰ মৃতদেহ ৱাৰাংগল জিলাৰ ৰে’লপথত উদ্ধাৰ হয়। ৬ বছৰীয়া কণমানিক ধৰ্ষণ আৰু হত্যাৰ অভিযুক্তৰ মৃতদেহ তেলেংগানাৰ শ্ৰম মন্ত্ৰী মল্লা ৰেড্ডীৰ (Malla Reddy) চাঞ্চল্যকৰ মন্তব্য দিয়াৰ এদিন পিছত উদ্ধাৰ হয়, য’ত তেওঁ এনকাউণ্টাৰৰ কথা কৈছিল।
তেলেংগানাৰ ডিজিপিয়ে নিশ্চিত কৰিছে
তেলেংগানাৰ ডিজিপিয়ে নিশ্চিত কৰিছে যে ৱাৰাংগল জিলাৰ ৰে’লপথত উদ্ধাৰ হোৱা মৃতদেহটো ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত পি ৰাজুৰ। তেওঁ কৈছিল যে অভিযুক্তজনক তেওঁৰ হাতত থকা এটা টেটুৰ আধাৰত চিনাক্ত কৰা হৈছে আৰু জানিবলৈ পোৱা গৈছে যে পি ৰাজু ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত হয়।
তেলেংগানাৰ ডিজিপিয়ে ফটো শ্বেয়াৰ কৰি টুইটাৰত লিখিছে, ‘চিংৰেনী কলনীত ধৰ্ষণ আৰু হত্যা কৰা অভিযুক্তৰ মৃতদেহ ৰে’লপথত উদ্ধাৰ হৈছিল। এয়া ঘনপুৰ আৰক্ষী থানাৰ অন্তৰ্গত।
মন্ত্ৰীয়ে কৈছিল এনকাউণ্টাৰৰ বিষয়ে
তেলেংগানাৰ শ্ৰম মন্ত্ৰী মাল্লা ৰেড্ডীয়ে (Malla Reddy) বুধবাৰে কৈছিল যে, ‘আমি নিশ্চিতভাৱে তাক গ্ৰেপ্তাৰ কৰিম আৰু তাৰ (Encounter) কৰিম।’ তেওঁ ঘটনাটোৰ বাবে দুখ প্ৰকাশ কৰি কয়, ‘এয়া ভয়ংকৰ। তাৰ এনকাউণ্টাৰ হ’ব লাগে। সি নিশ্চিতভাৱে ধৰা পৰিব আৰু আমি এনকাউণ্টাৰ কৰিম। তাক এৰি দিয়াৰ কোনো প্ৰশ্নই নাহে।
https://twitter.com/TelanganaDGP/status/1438378108575313923?s=20
অৰ্ধ উলংগ অৱস্থাত কণমানিৰ মৃতদেহ উদ্ধাৰ হৈছিল
হায়দৰাবাদ চহৰৰ(Hyderabad City)চৈয়দাবাদ অঞ্চলৰ চিংগেৰী শ্লাম কলনীৰ ৯ ছেপ্টেম্বৰত ৬ বছৰীয়া কণমানিৰ অৰ্ধনগ্ন অৱস্থাত ওচৰ চুবুৰীৰ ঘৰত মৃতদেহ উদ্ধাৰ হৈছিল। চিকিৎসালয়ত কৰা এটা মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছিল যে কণমানিক যৌন নিৰ্যাতন কৰা হৈছিল আৰু ডিঙি ৰেপি হত্যা কৰা হৈছিল। কণমানিক ধৰ্ষণ আৰু তাৰ পিছত হত্যাৰ মুখ্য সন্দেহযুক্ত ৰাজু নামৰ এজন ৩০ বছৰীয়া চুবুৰীয়া।
আৰক্ষীয়ে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল
হায়দৰাবাদ মহানগৰ আৰক্ষীয়ে ধৰ্ষণ আৰু হত্যাৰ অভিযুক্ত পি ৰাজুৰ খবৰ দিয়াজনৰ বাবে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল। আৰক্ষীয়ে অভিযুক্তজনৰ এখন ফটো মুকলি কৰি কৈছিল যে সন্দেহজনক লোকজন প্ৰায় ৫ ফুট ৯ ইঞ্চিৰ ওখ আছিল আৰু তেওঁৰ বাহুত ‘মৌনিকা’ (Mounika Tattoo) টেটু কৰোৱাইছিল।
Photo: Zee News
Discussion about this post