চিলাপথাৰৰ (Silapathar) সমীপৰ মুক্তিয়াৰ পঞ্চায়তৰ আলিপুৰ গাঁৱত সংঘটিত হোৱা মানৱ সমাজক লজ্জানত কৰা এক ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। এজন প্ৰায় ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ (Rape) বলি হৈছে ক্ৰমে ৮ আৰু ৯ বছৰীয়া দুগৰাকী নাবালিকা ৯।
জানিব পৰা অনুসৰি ২২ ছেপ্টেম্বৰত আলিপুৰ গাঁৱৰ সখীচৰণ বিশ্বাস নামৰ ৬০ বছৰীয়া এই লম্পট বৃদ্ধই ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী চতুৰ্থ শ্ৰেণীৰ ৮ বছৰীয়া আৰু এগৰাকী তৃতীয় শ্ৰেণীৰ ৯ বছৰীয়া ছাত্ৰীক মথাউৰিৰ কাষৰ হাবিলৈ নি অসৎ কামনা চৰিতাৰ্থ কৰে।
কেইদিনমানৰ পিছত সমস্ত ঘটনা পোহৰলৈ অহাত গাঁৱৰ ৰাইজে মেল পাতি বিষয়টো মীমাংসা কৰাৰ চেষ্টা কৰে আৰু নিৰ্যাতিতা নাবালিকা দুগৰাকীৰ পৰিয়ালক এক লাখকৈ ধন দিয়াৰ চুক্তি কৰে।
কিন্তু লম্পট সখীচৰণে নিৰ্যাতিতাৰ পৰিয়ালক ধন নিদি শকত অংকৰ ধনৰ বিনিময়ত গাঁৱৰে দুজন দাললক মেনেজ কৰি ওলোটাই ৰাইজৰ মাজৰ ১৬ গৰাকীৰ বিৰুদ্ধে ধনদাবীৰ এক গোচৰ ধেমাজিৰ আদালতত ৰুজু কৰে। সমস্ত ঘটনা পোহৰলৈ অহাত জাঙুৰ খাই উঠিছে গাঁওখনৰ ৰাইজ।
ৰাইজে দেওবাৰে সন্ধিয়া চিলাপথাৰ থানাত (Silapathar Police) লম্পট বৃদ্ধৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে। ঘটনাটোৰ তদন্ত কৰি লম্পট বৃদ্ধৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post