অৱশেষত জামুগুৰি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ’ল জামুগুৰিহাটৰ লালেটাপুৰ নাবালিকা কন্যাক বিয়া কৰাবলৈ অহা দীঘলীচাপৰিৰ হাফিজুল ৰহমান নামৰ ৩৬ বছৰীয়া যুৱকজনে।
মঙলবাৰে হাফিজুলে লালেটাপুৰ মইজুদ্দিন আলীৰ নাবালিকা কন্যা তথা ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীগৰাকীক বিয়া কৰাবৰ বাবে নিশা ১০ বজাত কেইবাজনো লোকক লগত লৈ লালেটাপুত উপস্থিত হৈছিল।
পলাতক হাফিজুল ৰহমান-
তাৰ পিছত বিবাহৰ কাম কাজ কৰি থকা অৱস্থাতে জামুগুৰি আৰক্ষী বিবাহস্থলীত উপস্থিত হোৱাত দৰা ৰূপী হাফিজুলৰ লগতে নাবালিকা কন্যাই নিশাৰ আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰিছিল।
পিছত আৰক্ষীয়ে বিবাহস্থলীৰ পৰা ৮জনকৈ লোকক আটক কৰি থানালৈ লৈ অহাৰ লগতে দৰা হাফিজুল আৰু নাবালিকা কন্যাক আৰক্ষীক গতাই দিবৰ বাবে পৰিয়ালৰ লোকক দাবী জনাইছিল।
অৱশেষত আজি পুৱা জামুগুৰি আৰক্ষীৰ ওচৰত দৰাৰ লগতে নাবালিকা কন্যাই আত্মসমৰ্পণ কৰে। আৰক্ষীৰ ওচৰত দৰা হাফিজুলৰ লগতে নাবালিকা কন্যাৰ পিতৃয়ে নিজৰ ভুল স্বীকাৰো কৰে।
নাবালিকা কন্যাৰ পিতৃৰ ভাষ্য-
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post