টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ (IND VS ENG) মাজত দ্বিতীয় খন টেষ্টত কঠিন সংঘৰ্ষ অব্যাহত আছে। প্ৰথমখন খেলত দেখা গৈছিল যে ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ চিৰাজে ইংলেণ্ডৰ কেইজনমান খেলুৱৈৰ সৈতে সংঘৰ্ষ কৰা দেখা গৈছিল। ইফালে এইবাৰ ইংলেণ্ডৰ কিংবদন্তী বলাৰ জেমছ এণ্ডাৰছনে (James Anderson) একেই কাম কৰিছিল।
বুমৰাহৰ বাউন্চাৰৰ বাবে বিচলিত হৈছিল এণ্ডাৰছন
৫খন খেলৰ টেষ্ট শৃংখলাৰ দ্বিতীয়খন খেল লৰ্ডছৰ ঐতিহাসিক খেলপথাৰত অনুষ্ঠিত হৈছে। ইংলেণ্ডৰ প্ৰথম ইনিংছৰ সময়ত, এনে এক ঘটনা সংঘটিত হয় যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত দ্ৰুতগতিত ভাইৰেল হৈ আছে।
https://twitter.com/CowCorner9/status/1426840887519182848?s=20
দৰাচলতে ইংলেণ্ডৰ অধিনায়ক জো ৰুট আৰু এণ্ডাৰছনে বেটিং কৰি আছিল আৰু ইংলেণ্ডে ৯ টা উইকেট হেৰুৱাইছিল। তৃতীয় দিনৰ খেলখন শেষ হ’বলৈ ওলাইছিল।
তাৰ পিছত ভাৰতীয় তাৰকা বলাৰ যশপ্ৰীত বুমৰাহে (Jasprit Bumrah) বলিং কৰিবলৈ আহে। তেওঁ ভয়ংকৰ বাউঞ্চাৰ দিয়ে, যদিও অধিনায়ক জো ৰুটে বুমৰাহৰ মুখামুখি ভাল ধৰণে কৰিলে আৰু ৰাণো কৰে।
কিন্তু যেতিয়া বুমৰাহে এণ্ডাৰছনক এটাৰ পিছত এটা কৈ বাউঞ্চাৰ দিবলৈ আৰম্ভ কৰিলে, তেতিয়া এটা বল তেওঁৰ হেলমেটতো লাগিছিল। তেতিয়া তেওঁ একো কোৱা নাছিল। কিন্তু মহম্মদ ছামীয়ে জেমছ এণ্ডাৰছনক আউট কৰিছিল আৰু ইংলেণ্ডৰ ইনিংছ সমাপ্ত হৈছিল।
ক্ষুদ্ধ হৈ পৰিছিল এণ্ডাৰচন
তাৰ পিছত, যেতিয়া দুয়োটা দলৰ খেলুৱৈ পেভিলিয়নলৈ উভতি আহে, এণ্ডাৰছন (James Anderson) খঙত ক্ষুদ্ধ হৈ পৰে আৰু যশপ্ৰীত বুমৰাহৰ (Jasprit Bumrah) ওচৰলৈ যায় আৰু বুমৰাহক বেয়াকৈ গালি পাৰিছিল। তেওঁৰ খং ইমানেই বেছি আছিল যে ৰুটে হস্তক্ষেপ কৰিব লগা হৈছিল। চনি স্পৰ্টছত প্ৰি-শ্ব’ৰ সময়ত, ষ্টাম্পৰ পিছৰ দিনটোৰ কিছুমান দৃশ্য আৰু বুমৰাহৰ অভাৰ আৰু এণ্ডাৰছনৰ প্ৰতিক্ৰিয়াক লৈ বিতৰ্ক চলি আছে।
Photo: Google
Discussion about this post