শিৱসাগৰত (Sivasagar) সুৰামত্ত স্বামীয়ে (Drunk Husband) পত্নীৰ ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায় (Woman Was Stabbed To Injured By Her Husband)। ঘটনাটোত গুৰুতৰভাবে আহত মহিলা (Women Critically Injured)। শিৱসাগৰ নগৰৰ সমীপৰ বানমুখ পাতৰ গাঁৱত সংঘটিত এই কাণ্ড। সোমবাৰে পুৱা সংঘটিত হয় এই অমানুষিক ঘটনা।
অভিযোগ অনুসৰি অমৃত গগৈ (৩৫) নামৰ সুৰাপায়ী স্বামীয়ে দৈনিক ঘৰত কন্দলৰ সৃষ্টি কৰিছিল। যাৰ বাবে তেওঁৰ পত্নী ৰিংকু গগৈয়ে(৩২) ২৭ এপ্ৰিলত শিৱসাগৰ সদৰ থানাত (Sivasagar Police) স্বামীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।
অভিযোগৰ ভিত্তিত ২৯ এপ্ৰিলত শিৱসাগৰ আৰক্ষীয়ে (Sivasagar Police) দুয়োকে থানালৈ মাতি নি অমৃতে ভৱিষ্যতে পত্নী আৰু সন্তানক অত্যাচাৰ নকৰিবলৈ সকিয়াই দি এখন লিখা লৈ লৈছিল। তাৰ পিছতে ইয়াৰ প্ৰতিশোধ ল’বলৈ সোমবাৰে পুৱা অমৃতে কৰিলে এই অপৰাধ।
সোমবাৰে পুৱা মজিয়া চাফা কৰি থকা অৱস্থাত পাছফালৰ পৰা পত্নীক চোকা চুৰিৰে ডিঙিত ৰেপি হত্যাৰ অপচেষ্টা কৰে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে। ডিঙিৰ আঘাত লৈ কিবাকৈ ঘৰৰ পৰা পলাই প্ৰতিৱেশীৰ ঘৰত আশ্ৰয় লয় ৰিংকুৱে।
ৰাইজে লগে লগে ৰিংকুৰ লগতে চাৰিটা সন্তানক সুৰক্ষা দি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা গুৰুতৰভাৱে আহত ৰিংকুক উদ্ধাৰ কৰাৰ লগতে অমৃতক কৰায়ত্ত কৰে। সংকটজনক অৱস্থাত থকা ৰিংকুক শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
Photo & Input: পাৰচিচ আহমেদ
Discussion about this post