চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অধীনৰ আমগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে মাৰপিটৰ (Clash) ঘটনা। গাঁও পঞ্চায়ত সভানেত্ৰীয়ে স্বামীৰ সৈতে মিলি পঞ্চায়ত কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি মাৰপিট কৰে পঞ্চায়তটোৰ ৫নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যাগৰাকীক।
আগন্তুক কৰ্ম আঁচনিত এটা উন্নয়নমূলক কামৰ অন্তৰ্ভুক্তিৰ বিষয় লৈ বাক-বিতণ্ডা হয় পঞ্চায়ত সভানেত্ৰী তেওঁৰ স্বামী সৈতে। ইয়াৰ পিছতে ৱাৰ্ড সদস্যা গৰাকীৰ স্বামীক বাহিৰ কৰি দি সভানেত্ৰী আৰু তেওঁৰ স্বামীয়ে কাৰ্যালয়ৰ দুৱাৰ বন্ধ কৰি ৱাৰ্ড সদস্যাগৰাকীক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
চাওক ভিডিঅ’-
ঘটনা সন্দৰ্ভত ৱাৰ্ড সদস্যাগৰাকীয়ে চিলাপথাৰ থানাত (Silapathar Police Station) সভানেত্ৰী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে।
Photo & Input: ইছৰাকুল ইছলাম
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/breaking-curfew-time-extended-from-today-in-assam/3905/
Discussion about this post