ৰঙিয়াৰ (Rangia) ঐতিহাসিক জয়ন্তীপুৰ কালিমন্দিৰত চুৰিকাণ্ডৰ (Theft) ঘটনা। শনিবাৰে পুৱতি নিশা মন্দিৰৰ তলা ভাঙি চোৰে (Thief Loot) লুটি নিলে বহু মূল্যবান সামগ্ৰীৰ লগতে নগদ ধন। মন্দিৰৰ পৰা তামৰ পুষ্পপত্ৰ দুখন, তামৰ চাকি তিনিটা, কোষা অৰ্ঘ্য দুই যোৰ, পিতলৰ চাকি তিনিটা, তামৰ ঘটি এটা, পিতলৰ ঘটি এটা, বৰ কাঁহ এটা, কাহৰ কাঁহী দুই যোৰ, লগতে বৃহৎ পৰিমানৰ নগদ ধন চোৰে লুটি নিয়ে।
মন্দিৰ পৰিচালনা সমিতিয়ে ইতিমধ্যে ৰঙিয়া আৰক্ষী (Rangia Police) থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে। ইফালে এই চুৰি সন্দৰ্ভত বিষয়ে অৱগত হোৱাৰ পিছতে ৰঙিয়া থানাৰ আৰক্ষীৰ এটা দল গৈ ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাথমিক তদন্ত। ঐতিহাসিক ধৰ্মীয় স্থলীত চুৰিৰ ঘটনাক ৰঙিয়াৰ সচেতন মহলে ক্ষোভ প্ৰকাশ কৰে। লগতে এই চুৰিকাণ্ডৰ উচিত তদন্তৰ দাবী জনায়।
Photo & Input: চফিকুল আহমেদ
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/mla-sherman-ali-entry-bjp-meeting-at-guwahati/6772/
Discussion about this post