ডিব্ৰুগড় (Dibrugarh) সদৰ থানাৰ চৌহদত নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ (Sensational Murder Case) ঘটনা সংঘটিত হৈছে। এজন আৰক্ষী কনিষ্টবলে (Police Constable) নিজৰ কাৰ্বাইন বন্দুকেৰে গুলিয়াই হত্যা কৰে (Husband Shot And Killed) পত্নীক। হত্যাকাৰী আৰক্ষী কনিষ্টবলজনৰ নাম হৈছে বিকী চেতিয়া (Biki Chetia)।
মৃত্যুক সাৱটি লোৱা মহিলাগৰাকীৰ নাম হৈছে জয়শ্ৰী চেতিয়া (Jayashree Chetia) । বয়স ২৯ বছৰ। আহত অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও ৰাস্তাতে মৃত্যুক আঁকোৱালি লয় জয়শ্ৰীয়ে। গৰ্ভৱতী আছিল মৃত মহিলাগৰাকী।
কি কাৰণত পত্নীক হত্যা কৰিলে সেই বিষয়ত সবিশেষ আৰক্ষীয়ে জনোৱা নাই যদিও বৰ্তমান ঘটনাক লৈ সমগ্ৰ আৰক্ষী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Photo & Input: Khatang Khobor
Discussion about this post