সোমবাৰে নিশা ৰূপহীহাটত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ (Rupahaihat Police And Dacoit Clash)। সংঘৰ্ষত গুলীবিদ্ধ হৈছে এজন সাধাৰণ যুৱক। ভুলবশতঃ নগাঁও আৰক্ষীৰ (Nagaon Police) গুলীত গুলীবিদ্ধ হ’ল ৰাজিবুল হক নামৰ শালপাৰাৰ এজন যুৱক (Youth Shot By Police)।
জানিব পৰা মতে, ৰূপহীহাট আৰক্ষীৰ (Rupahaihat Police) দুটা দলে সোমবাৰে নিশা দুই দুৰ্ধৰ্ষ ডকাইতৰ সন্ধানত অভিযান চলাইছিল। ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ ৰায়ৰ নেতৃত্বত এটা দলে গুণাবাৰীত অভিযান চলাই পিষ্টল আৰু দুজাই সজীৱ গুলীসহ জামালউদ্দিনক গ্ৰেপ্তাৰ কৰাৰ লগতে আন এটা অভিযানকাৰী দলে শিঙিমাৰীত জহিৰুল ইছলাম নামৰ ডকাইতটোক গ্ৰেপ্তাৰ কৰিছিল।
পিছে জহিৰুলক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা দলটোক দেখি ৰাজিবুল ইছলাম নামৰ শালপাৰাৰ যুৱকজনে মটৰ চাইকেলেৰে সেই ঠাইৰ পৰা যোৱাৰ চেষ্টা কৰে। লগে লগে আৰক্ষীয়ে ৰাজিবুলৰ মটৰ চাইকেলৰ চকালৈ গুলী কৰিছিল যদিও তেওঁৰ ভৰিত আৰক্ষীৰ গুলীয়ে আঘাত কৰে।
গুলীবিদ্ধ ৰাজিবুলক নগাঁও আৰক্ষীয়ে (Nagaon Police) প্ৰথমে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও পিছলৈ উন্নত চিকিৎসাৰ বাবে এখন ব্যক্তিগত নাৰ্ছিং হোমলৈ স্থানান্তৰ কৰে।
ইফালে ঘটনা সন্দৰ্ভত নগাঁও আৰক্ষী অধীক্ষক লীনা দলেই (Leena Dole) কয় যে- ৰাজিবুলৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ আৰু তেওঁৰ চিকিৎসাৰ দায়িত্ব নগাঁও আৰক্ষীয়ে লৈছে।
এই মন্তব্য দি নিজৰ ভুল স্বীকাৰ কৰিলে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেয়ে। তেওঁ কয় যে সংঘৰ্ষৰ সময়তে হঠাতে এজন লোক বাইক লৈ পাৰ হৈ যায়। লোকজনৰ সেই স্থানতে ৰখিবলৈ কোৱা হৈছিল যদিও তেওঁ ৰৈ যোৱা নাছিল। যাৰ বাবে তেওঁৰ বাইকৰ চকালে লক্ষ্য কৰি গুলীচালনা কৰা হৈছিল। কিন্তু দুৰ্ভাগ্যবশত গুলিটো লোক জনৰ ভৰিত লাগে। লগে লগে তেওঁক হাস্পতাললৈ লৈ যোৱা হয়। অৱশ্যে লোক জন বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে।
পূৰ্বেও নগাঁও আৰক্ষীৰ গুলীত কীৰ্তিকমল বৰা নামৰ এজন নিৰীহ যুৱক আহত হৈছিল যাক লৈ সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
Photo & Input: Wahidud Jaman
Discussion about this post