নিৰ্লজ্জ নিকৃষ্ট, মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে মৰিগাঁও (Morigaon) জিলাৰ শিলপুখুৰী গাঁৱত। পৰিয়ালৰ ভৰণ পোষণৰ বাবে বহিঃৰাজ্যত স্বামী কৰ্মৰত থকা অৱস্থাতে পত্নীৰ পৰ পুৰুষৰ সৈতে গভীৰ প্ৰেম। দুটি সন্তানৰ মাতৃ আৰু দুই সন্তানৰ পিতৃৰ এনে অবৈধ সম্পর্কৰ (Extramarital Affair) শেষ পৰিণতি এতিয়া ৰঙাঘৰৰ আলহী।
শনিবাৰে সন্ধীয়া বড়ি বজাৰ আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পশ্চিম শিলপুখুৰী গাঁৱৰ আজিজুল হকৰ পত্নীৰ সৈতে জয়নাল অবদিনে ঘৰত কোনো নথকাৰ সুযোগ লৈ আজিজুলৰ ঘৰত সোমাই আৰু ক্ষন্তেক সময়ৰ পিছতে প্ৰত্যক্ষ দৰ্শীয়ে ঘৰত প্ৰৱেশ কৰি দুয়োকে অসংযত অৱস্থাত দেখা পাই ঘৰৰ ভিতৰতে আৱদ্ধ কৰি দুয়োকে উত্তম মাধ্যম শোধাই বড়িবজাৰ (Boribazar Police) আৰক্ষীক চমজাই দিয়ে।
জানিব পৰা মতে ৬-৭ বছৰ ধৰি দুয়োৰে মাজত এনে অবৈধ সম্পৰ্ক। প্ৰায়েই নিশাৰ অন্ধকাৰৰ সুযোগ লৈ জয়নাল আবদিন আহে আজিজুলৰ পত্নীক লগ ধৰিবলৈ। দিনক দিনে দুয়োৰে মাজত চলি থকা এনে অবৈধ সম্পর্কত স্থানীয় ৰাইজ অতিষ্ঠ হৈ দুয়োকে দুই এবাৰ ৰাইজে বিচাৰো কৰিছিল। তাৰ পিছতো শান্ত নাথাকি সন্ধিয়াতেই প্ৰেমিকাক লগ ধৰিব আহি এনে বিলৈ। স্থানীয়লোকে দুয়োকে গাঁৱৰ পৰা বহিষ্কাৰ কৰি দিব বুলি জানিব দিয়ে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post