লখিমপুৰ জিলাৰ (Lakhimpur District) ফুলবাৰীৰ (Phulbari) বাঁহবাৰীত সংঘটিত হৈছে গাৰ নোম শিঁয়ৰি উঠা এক নৃশংস হত্যাকাণ্ড (Murder Case)। পত্নীয়ে কুঠাৰেৰে ঘপিয়াই-ঘপিয়াই হত্যা কৰে স্বামী নকুল পানিকক (Husband Killed By Wife)।
হত্যাকাৰী পত্নী গংগী পানীকৰ ভাষ্য অনুসৰি মদৰ বাবেই সংঘটিত হৈছে এই হত্যাকাণ্ড। তিনিজনীকে কন্যা সন্তানৰ পিতৃয়ে প্ৰতিদিনেই সুৰাপান কৰি সৃষ্টি কৰে ঘৰুৱা কন্দলৰ।
পৰিয়ালৰ কথা চিন্তা নকৰি কেৱল ৰাতিপুৱাৰ পৰাই মদ খাই মাতাল হৈ থাকে নকুল পানিকে। এনেদৰে সুৰাৰ নিচাত মাতাল হৈ প্ৰতিদিনে হাতত দা-কুঠাৰ তুলি লয় অত্যাচাৰ কৰে নকুল পনিকে পৰিয়ালৰ সৈতে।
ইতিমধ্যে ঘটনাস্থলীত লালুক আৰক্ষী (Laluk Police) প্ৰশাসন উপস্থিত হৈ ঘটনাৰ তদন্ত কৰি ১২৯/২২ আণ্ডাৰ ছেকচন ৩০২ গোচৰত গংগী পানীকক আটক কৰে।
Photo & Input: ইছৰাকুল ইছলাম
Published By: Dulu Medhi
Discussion about this post