কলিয়াবৰ জখলাবন্ধাৰ (Jakhalabandha) হাস্পতাল চাৰিআলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা। ক্ষত-বিক্ষত অৱস্থাত অৱস্থাত উদ্ধাৰ এটা মৃতদেহ।
জখলাবন্ধা হাস্পতাল চাৰিআলিৰ বিজুস্মিতা হোটেলৰ বাৰান্দাত ঘপিয়াই থোৱা অৱস্থাত উদ্ধাৰ হৈছে এটা মৃতদেহ (Murder Case)। মৃতদেহটো বিজুস্মিতা হোটেলৰ কৰ্মচাৰী বিতুদাস বুলি চিনাক্ত কৰা হৈছে। ঘটনাটো জানিবলৈ দিয়া অনুসৰি একেখন হোটেলৰে কৰ্মচাৰী বিতু দাস আৰু শংকৰ চৰকাৰৰ মাজত হৈছিল মাৰপিট (Clash Between 2 Hotel Workers)। তাৰ পিছতে সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ (Horrific Murder) ঘটনা।
ঘটনাটো সংঘটিত কৰিয়েই পলায়ন শংকৰ চৰকাৰ নামৰ লোকজনৰ। ঘটনাস্থলীত আৰক্ষীৰ লগতে কলিয়াবৰ মহকুমাৰ মহকুমাধীপতি পৱিত্ৰ কুমাৰ দাস উপস্থিত হৈ মৃতদেহটো নিৰীক্ষণ কৰি জখলাবন্ধা আৰক্ষীৰ (Jakhalabandha Police) সহযোগত মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ (Nagaon Hospital) প্ৰেৰণ কৰে। লগতে আৰক্ষীয়ে ঘটনা সংঘটিত কৰি পলাই থকা অভিযুক্ত শংকৰ চৰকাৰক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
Photo & Input: অনুপ বৰা
Published By: Dulu Medhi
Discussion about this post