ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) পুনৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা (Suicide) কৰা ঘটনাই সমগ্ৰ বিশ্ববিদ্যালয়খনক জোকাৰি গৈছে। মঙলবাৰে নিজৰ কোঠাত ছাত্ৰীগৰাকীৰ মৃতদেহ (DeadBody) উদ্ধাৰ হয়। আত্মহত্যা (Suicide) কৰা ছাত্ৰীগৰাকীৰ নাম ৰঞ্জিতা ছেত্ৰী বুলি জানিব পৰা গৈছে। বিশ্ববিদ্যালয়ৰ পুৰণি আইদেউ সন্দিকৈ ছাত্ৰী নিৱাসৰ ছাত্ৰী আছিল ৰঞ্জিতা। দৰ্শন বিভাগৰ প্ৰথম বিভাগৰ ছাত্ৰী গৰাকী আছিল লখিমপুৰ (Lakhimpur) বিহপুৰীয়াৰ।
এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ আত্মহত্যাৰ (Suicide) প্ৰকৃত কাৰণ জানিব পৰা হোৱা নায়। আৰক্ষীয়ে ছাত্ৰী নিৱাসখনৰ আৰু বিশ্ববিদ্যালয়খনৰ অন্য ছাত্ৰ-ছাত্ৰী সকলকো ঘটনা সন্দৰ্ভত সোধা-পোছা কৰি আছে। আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ মৃতদেহটো হোষ্টেলৰ পৰা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।
Photo: Khatang Khobor





























Discussion about this post