অন্ধ্ৰ প্ৰদেশত (Andhra Pradesh) বলি (Animal Sacrifice)ৰ সময়ত এজন যুৱকে প্ৰাণ হেৰুৱাইছিল। দৰাচলতে, বলি দিয়া লোকজন সুৰাৰ নিচাত মাতাল হৈ আছিল আৰু এই কাৰণতে লোকজনে ছাগলীৰ সলনি ধৰি থকা যুৱকজনৰে কাটি পেলালে ডিঙি। আৰক্ষীয়ে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। ঘটনাটো দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ চিত্তুৰ জিলাত সংক্ৰান্তি উদযাপনৰ সময়ত সংঘটিত হৈছিল।
ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে, কিন্তু জীৱন ৰক্ষা নপৰিল
আৰক্ষীয়ে জনোৱা অনুসৰি, ঘটনাটো চিতুৰৰ বলচাপাল্লে (Valasapalle)ৰ। সংক্ৰান্তি উপলক্ষে তাত য়েল্লাম্মা মন্দিৰত বলিদানৰ আয়োজন কৰা হৈছিল। অভিযুক্ত বলি দিয়া লোকজনে জন্তু বলি দি আছিল আৰু ৩৫ বছৰীয়া সুৰেশে বলিদানৰ সময়ত ছাগলীটো ধৰি আছিল। হঠাতে বলি দিয়া লোকজনে ছাগলীৰ সলনি সুৰেশৰ ডিঙি কাটি পেলালে। সুৰেশক আঘাতপ্ৰাপ্ত অৱস্থাত ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছিল।
আৰক্ষীয়ে প্ৰতিটো কোণৰ পৰা অনুসন্ধান কৰি আছে
অভিযুক্ত লোকজনক আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা আটক (Detain) কৰিছে। মৃত সুৰেশ বিবাহিত আছিল আৰু তেওঁৰ দুটা সন্তান আছে। আৰক্ষীয়ে এই দিশৰ পৰাও অনুসন্ধান কৰি আছে যে সুৰেশৰ সৈতে অভিযুক্তৰ কোনো পুৰণি বিবাদটো নাছিল। যেতিয়াই অভিযুক্তজনে সুৰেশৰ ডিঙি কাটি দিয়ে লগে লগে সমগ্ৰ অঞ্চলটোত বিশৃংখল পৰিৱেশৰ সৃষ্টি হয়। তাত উপস্থিত থকা লোকসকলে বুজিয়েই পোৱা নাছিল যে কেনেকৈ এই ঘটনা ঘটিছিল। অৱশ্যে, অভিযুক্তজনে তাৰ পৰা পলাই যোৱাৰ কোনো সুযোগ পোৱা নাছিল। ঘটনাটোৰ বিষয়ে গম পোৱাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈছিল আৰু লোকজনক গ্ৰেপ্তাৰ কৰিছিল।
প্ৰতি বছৰে বলি দিয়া হয়
মদনপাল গ্ৰামীণ মণ্ডলৰ ভালচাপালে গাঁৱৰ মানুহে প্ৰতি বছৰে সংক্ৰান্তি উপলক্ষে জন্তু বলি দিয়ে আৰু সেইবোৰ স্থানীয় য়েল্লাম্মা মন্দিৰত আগবঢ়ায়।
Photo: Zee News
Discussion about this post