মহানগৰীৰ নুনমাটিত মৃতদেহ উদ্ধাৰ ৷ চিপ লৈ থকা অৱস্থাত শৌচালয়ত উদ্ধাৰ হয় এজন যুৱকৰ মৃতদেহ ৷ বামনীমৈদামৰ ডি এছ গ্ৰুপত কৰ্মৰত যুৱকজনৰ নাম ৰাজা নাৰ্জাৰী ৷ ঘৰ কোকোৰাঝাৰত।
নুনমাটিৰ এটা ভাড়াঘৰত কে’বাজন যুৱকৰ স’তে একেলগে বাস কৰিছিল ৷ ২৩ ছেপ্তেম্বৰৰ পৰা সন্ধানহীন হৈ আছিল যুৱকজন ৷
নুনমাটি আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইছলৈ প্ৰেৰন কৰি আৰম্ভ কৰিছে তদন্ত ৷
Discussion about this post