বৰমটৰীয়াৰ ৰূপকোঁৱৰ পথত থকা পূৰ্ণিমা মেনছন নামৰ বিলাসী এপাৰ্টমেণ্টটোত নিশা সংঘটিত হয় এই ঘটনা । জানিব পৰা মতে আৱাসিক অট্টালিকাটোৰ এ-ব্লকৰ চতুৰ্থ মহলাত ৩ জনীয়া এটা পৰিয়ালে দীৰ্ঘদিন ধৰি বাস কৰি আছে । পৰিয়ালটোত আছে পিতৃ-মাতৃ আৰু একমাত্ৰ কন্যা । তেওঁলোকৰ মাজত কেতিয়াও কোনো ধৰণৰ অশান্তি বা কাজিয়া দেখা নাই চুবুৰীয়াসকলে । কিন্তু শুকুৰবাৰে নিশা প্ৰায় ৭.৫০ মান বজাত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘৰটোত উদ্ধাৰ হয় মাতৃগৰাকীৰ মৃতদেহ । স্থানীয় একাংশ লোকে অভিযোগ কৰা মতে মাতৃ আৰু কন্যাৰ মাজত কোনো কথাক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল । পিচত সেই কাজিয়াই ভয়ংকৰ ৰূপ লয় আৰু কন্যা তানিয়া কুমাৰীয়ে মাতৃ মঞ্জু দেৱীক গধুৰ বস্তুৰে মৰিয়াই হত্যা কৰিলে।
অতি মেধাসম্পন্ন তানিয়া কুমাৰী নামৰ এই যুৱতীগৰাকী ইউ এছ টি এমত অধ্যয়নৰত। স্থানীয় লোকৰ মতে মাতৃ, কন্যা দুয়োগৰাকী আছিল অতি শান্ত প্ৰকৃতিৰ।
পিতৃ দীপ চান্দ প্ৰসাদ এগৰাকী টেনিছ প্ৰশিক্ষক। একেটা এপাৰ্টমেণ্টৰ আবাসীয়ে ঘটনা সন্দৰ্ভত কয়, প্ৰথমে তেওঁলোকৰ ফ্লেটৰ পৰা হুলস্থুল শুনিবলৈ পাইছিল আৱাসীসকলে। তেওঁলোকে আহি দুৱাৰত টুকুৰিয়াইছিল যদিও দুৱাৰ খুলি দিয়া নাছিল।
পৰৱৰ্তী সময়ত যেতিয়া দুৱাৰ খোলে তেতিয়াহে ঘটনাৰ সবিশেষ জানিব পাৰে। এগৰাকী আৱাসীয়ে কি হৈছিল বুলি প্ৰশ্ন কৰাত তানিয়াই কৈছিল মাৰ লগত কাজিয়া হৈছিল। মা মৰি থাকিল।
কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পূৰ্বে কেতিয়াও তেওঁলোকৰ বাসগৃহত কাজিয়াৰ সূত্ৰপাত হোৱা নাছিল। তিনিজনীয়া সৰু পৰিয়ালটো আছিল অতি শান্ত প্ৰকৃতিৰ। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তানিয়া কুমাৰীক।
শেহতীয়াকৈ তেওঁ ৰাজ্যিক পৰ্যায়ৰ টেনিছ প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছিল আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈয়ো নিৰ্বাচিত হৈছিল।
Discussion about this post