অপাৰেচন অজয়ৰ (Operation Ajay) অধীনত ইজৰাইলৰ পৰা ২১২ জন ভাৰতীয় নাগৰিকৰ কঢ়িয়াই অনা প্ৰথমখন চাৰ্টাৰ বিমান শুকুৰবাৰে পুৱা দিল্লী বিমানবন্দৰত অৱতৰণ কৰে। যুদ্ধৰ মাজতে ইজৰাইলৰ বেন গুৰিয়ান বিমানবন্দৰৰ (Israel’s Ben Gurion Airport) পৰা বৃহস্পতিবাৰে উৰা মাৰিছিল বিমানখনে । বিমানবন্দৰত তেওঁলোকক কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে আদৰণি জনায়। “first-come-first-serve” ভিত্তিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছিল এই উদ্ধাৰ কাৰ্য। ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধত আবদ্ধ হৈ থকা নাগৰিকসকলক ঘূৰাই অনাৰ অভিযান হিচাপে বুধবাৰে ভাৰতে ‘অপাৰেচন অজয়’ (Operation Ajay) আৰম্ভ কৰিছিল।
এয়াৰ ইণ্ডিয়াই বাণিজ্যিক বিমান সেৱা বন্ধ কৰি ৰাখিছে ইজৰাইল আৰু হামাছৰ যুদ্ধ আৰম্ভ হোৱাৰ পৰা (October 7) এতিয়ালৈকে ।
Discussion about this post