এটা ফেচবুক পোষ্টে তোলপাৰ লগাইছে ছচিয়েল মিডিয়া। অমৰ প্ৰতীম নামৰ এটা একাউন্তৰ পৰা দিয়া হৈছে সেই পোষ্টটো।
পোষ্টটোক অসমৰ মুখ্যমন্ত্ৰী, অসমৰ ৰাজনীতিৰ এজন প্ৰৱল ক্ষমতাশীলী, প্ৰভাৱশালী, বলিয়ান ব্যক্তি ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাভাৱে প্ৰত্যাহ্বান জনাইছে।
আমি সকলোৱেই জানো যে হিমন্ত বিশ্ব শৰ্মা এগৰাকী শিক্ষিত ব্যক্তি। স্নাতকোত্তৰ ডিগ্ৰী, আইনৰ স্নাতক ডিগ্ৰীৰ সমান্তৰালভাৱে তেখেত হৈছে পিএইছডি ডিগ্ৰীধাৰী এগৰাকী লোক। অসম বিধানসভাত যিকেইজন বিধায়ক আছে, তাৰে ভিতৰত দুগৰাকী বিধায়ক হে ডক্তৰেট ডিগ্ৰীসম্পন্ন।
তাৰে এজন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া তেখেতৰ সেই ডিগ্ৰীটো সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে আমৰ প্ৰতীম নামৰ একাউন্তটোৰ পৰা।
ছচিয়েল মিডিয়াত অমৰ প্ৰতীমে লিখিছে- মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মুকলি প্ৰত্যাহ্বান। আপোনাৰ ডক্টৰেট ডিগ্ৰী লাভ কৰা গৱেষণা গ্ৰন্থ ৰাজহুৱা কৰক। মই প্ৰতি পৃষ্ঠাৰ প্ৰমান দিম। কোনে কেতিয়া কত লিখিছিল আৰু কত ভুল তথ্য আছে।
এটা কথা আপুনি মনত ৰাখিব। মানুহে মগজু বহু কষ্ট আৰু বেদনাত বিক্ৰী কৰে। অতি প্ৰয়োজন অবিহনে অসম্ভৱ। পুনৰাই সোঁৱৰাই দিলো। প্ৰত্যাহ্বান গ্ৰহণ কৰক। যদি সৎ সাহস আছে।
এই পোষ্টটো ডেৰশবাৰতকৈয়ো অধিক শ্বেয়াৰ কৰা হৈছে আৰু প্ৰায় এশজন লোকে বিভিন্ন কমেণ্ট কৰিছে। এতিয়া এই পোষ্টটোত অমৰ প্ৰতীম নামৰ লোকজনে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ গৱেষণা সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰি মুকলি প্ৰত্যাহ্বান জনাইছে। যিটো প্ৰকৃততেই সাহসী পদক্ষেপ বুলিব লাগিব। সকলো ৰাইজেই ডক্টৰেট ডিগ্ৰীধাৰী বুলি জনা অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ ডক্টৰেট ডিগ্ৰীটো ভুৱা বুলি প্ৰকাৰন্তৰে প্ৰকাশ কৰা এই কথাটোৰ উত্তৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিদৰে দিয়ে, সেয়া সকলোৰে বাবে অপেক্ষাৰ এটা বিষয় আৰু এক সচাকৈয়ে লক্ষণীয় বিষয়।
Photo: Facebook
Discussion about this post