যিটো সময়ত অসমৰ ৰাজ্যিক ভাষা অসমীয়া ব্যৱহাৰৰ ওপৰত অধিক গুৰুত্ব দি থকা হৈছে সেই সময়তে বৰপেটাৰোডত এটি বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানে অসমীয়া ভাষাৰ শৰাধ কৰাৰ অভিযোগ উত্থাপন হৈছে।
এই কাণ্ডটো সংঘটিত কৰিছে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰৰ বিশাল মেগা মাৰ্ট নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে ৷ প্ৰতিষ্ঠানটোৱে উপভোক্তাক বয় বস্তুৰ ক্ৰয় কৰাৰ ক্ষেত্ৰত সততে বাংলা ভাষাত ঘোষণা কৰি থকা দেখা যায় ৷
চাওক ভিডিঅ’-
এই কাৰ্য দেখা পাই হিমাংশু দাস নামৰ এজন গ্ৰাহকে এই ঘটনাটো ছচিয়েল মিডিয়াত ভাইৰেল কৰাত জাঙুৰ খাই উঠিছে চহৰখনৰ সচেতন মহল ৷
বৰপেটাৰোড আছুৱে প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষক বিষয়টো অৱগত কৰাত বিশাল মেগা মাৰ্ট কৰ্তৃপক্ষই এনে ভুল ভৱিষ্যতে নকৰে বুলি জনাই ইয়াৰ বাবে ক্ষমা বিচাৰে ৷ লগতে অসমীয়া ভাষা ব্যৱহাৰত গুৰুত্ব দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷
Photo & Input: জাহিৰুল ইছলাম
Discussion about this post