পুনৰ সীমান্ত শেখৰকলৈ চৰ্চা চলিছে ছচিয়েল মিডিয়াত (Social Media)। বুধবাৰে ৰাজ্য চৰকাৰে নিগম নিকায়ৰ অধ্যক্ষৰ তালিকা প্ৰকাশ কৰাৰ পিছতে ছচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে জনপ্ৰিয় কণ্ঠশিল্পী তথা বিজেপি নেতাগৰাকী (BJP Leader)। কাৰণ সীমান্ত শেখৰে (Simanta Shekhar) লাভ কৰিছে অসম চলচিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষৰ দায়িত্ব।
এই দায়িত্ব প্ৰদান কৰাৰ পিছতে এতিয়া ট্ৰ’লৰ (Troll) সন্মুখীন হৈছে সীমান্ত শেখৰ (Simanta Shekhar)। ইতিপূৰ্বে একাধিক জনপ্ৰিয় গীত গাই অসমৰ শ্ৰোতাৰ আগত সুৰীয়া গায়ক হিচাপে প্ৰতিস্থা লাভ কৰা গায়কজনে শেহতীয়া সময়ত কেইবাটাও বিতৰ্কত সাঙুৰ খাই পৰিছিল। তাৰে ভিতৰত এটা অন্যতম বিতৰ্ক হৈছে তেওঁ অসমীয়া চিনেমা এখনো নাই চোৱা বুলি দম্ভালিৰে দিয়া মন্তব্যটো।
কা আন্দোলনৰ সময়তে কা বিৰোধ কৰি, কিছুদিন পিছতেই বিজেপিত জইন কৰি কা সমৰ্থন কৰো বুলি কোৱাৰ সময়তো ৰাইজে সমালোচনাৰে তুলাধুনা দিছিল সীমান্ত শেখৰ (Simanta Shekhar) নামৰ এই গায়কজনক।
ছচিয়েল মিডিয়াত ভাইৰেল হৈছে সীমান্ত শেখৰৰ (Simanta Shekhar) এটি পুৰণি ইণ্টাৰভিওৰ বিভিন্ন অংশ। এটা ইণ্টাৰভিউত সীমান্তই আজিলৈকে অসমীয়া ছবি চাই পোৱা নাই বুলি কৰা মন্তব্যক লৈ পুনৰ ট্ৰ’ল কৰা দেখিবলৈ পোৱা গৈছে। একাংশই প্ৰশ্ন কৰিছে- ‘অসমীয়া চিনেমা চাই নোপোৱা সীমান্তই, কি উন্নয়ন সাধন কৰিব অসমীয়া চলচিত্ৰ উদ্যোগৰ?’
এতিয়া উল্লেখনীয় কথাটো হ’ল যে, এতিয়াৰে পৰা অসম চলচিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ (Simanta Shekhar)। সেয়া চৰকাৰী সিদ্ধান্ত। ৰাইজেও হয়তো বাট চাব সীমান শেখৰেনো কিমান উন্নয়ন কৰে অসমীয়া চিনেমাৰ।
Photo: Khatang Khobor
আৰু পঢ়কঃ https://khatangkhobor.com/miscellaneous/politics/atul-borah-again-comments-on-fish-and-meat/4174/
Discussion about this post