নিজৰ বিতৰ্কিত মন্তব্যৰে বিতৰ্কৰ সৃষ্টি কৰা পংকজ পাঠক (Pankaj Pathak) পুনৰ নামিছে বেপাৰত। অসমৰ এশবুৰি সমস্যাৰ সমাধান আছে কেৱল পংকজ পাঠকৰ ওচৰত। Chance Pe Dance মৰা আচাৰ্য পংকজ পাঠকৰ পুনৰ এক বিশেষ বিধান। যি বিধান শুনি-পঢ়ি-দেখি ক্ষোভিত হৈ পৰিছে মহিলাসকল। বাধ্য হৈ পৰিছে থানাত এজাহাৰ দিবলৈ। য’তে সুযোগ পাই তাতে বেপাৰ কৰা আচাৰ্য পংকজ পাঠকৰ পুনৰ এটা ফেচবুক ভিডিঅ’ ভাইৰেল হৈ পৰিছে (Facebook Video Viral)।
এমাহ-দুমাহ পূৰ্বে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাহৰ দৰৱ হিচাপে আচাৰ্য পংকজ পাঠকে উল্লেখ কৰিছিল ‘কাঁহৰ (আচলতে ‘কাহৰ’) যমকাল’ নামৰ এটা আয়ুৰ্বেদিক ঔষধৰ। তাৰ পিছতে ভাইৰেল হৈ পৰিছিল পংকজ পাঠকৰ এই ফেচবুক পোষ্টটো (Pankaj Pathak Facebook Post Viral In Social Media)।
তাৰ পিছত পুনৰ ভাইৰেল হৈ পৰিছিল আচাৰ্য পংকজ পাঠকৰ আন এটা পোষ্ট। যিটো পোষ্ট আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ। আচাৰ্যজনৰ সেই পোষ্টটোও ভাইৰেল হৈ পৰিছিল। তেতিয়ালৈ ঠিকে আছিল সেই পোষ্ট পোষ্টে হৈ আছিল। কিন্তু এইবাৰ বিতৰ্ক নহয়, এইবাৰ তেওঁৰ পোষ্টৰ বিৰুদ্ধে জাঙুৰ খাই উঠি মহিলাসকল গৈ পালে থানা।
আচাৰ্য পংকজ পাঠকে নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়া পংকজ পাঠকৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন মহিলা-সংগঠন।
ইতিমধ্যে স্বয়ম্ভূ আয়ুৰ্বেদ চিকিৎসকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ মহিলা সমিতিয়ে (TMC)। দেওবাৰে বশিষ্ঠ থানাত টিএমচিৰ মহিলা সমিতিয়ে পংকজ পাঠকৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ (FIR Lodged Against Pankaj Pathak)। মহিলাসকলক হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা পংকজ পাঠকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাই মহিলাসকলে কয় যে যদি চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱাত স্বামীয়ে বাধা নিদিয়ে, তেন্তে বাধা দিবলৈ পংকজ পাঠক কোন?
পংকজ পাঠকে কৰা পোষ্টটোত লিখা আছিল- ‘আজিৰ দিনত 10k share হোৱা সেই বিখ্যাত video টো আকৌ আগবঢ়ালো। বান্দৰ কেঁকোৱাৰ গুড়ি খাবলৈ কৈছিলো ফেচবুক, ইনষ্টাগ্ৰামত অৰ্ধনগ্ন হৈ নাচি থকা মহিলাবোৰৰ গিৰিয়েক সকলক । কাৰণ তেঁওলোকৰ পুৰুষত্ত হেৰুৱাই যোৱা বাবে তেওঁলোকৰ পত্নীয়ে এইদৰে Instagram, Facebook আদিত কপালৰ সেন্দুৰ লুকুৱাই অর্ধনগ্ন হৈ শৰীৰ প্ৰদৰ্শন কৰে । মই জানো যে আজিৰ সময়ত এনেকুৱা লাখৰ ঘৰত ওলাব আৰু সত্যটো তেওঁলোকে accept কৰি মোক গালি দিব । যদি সেইটো কথা সত্য নহয় , তেন্তে। সেইসকল অৰ্ধনগ্নৰ মাজত নিজকে টানি নি মোক গালি দিয়াৰ কোনো প্ৰয়োজন নাছিল। যি কি নহওঁক, Target আছিল 10 হেজাৰ পেকেট বিক্ৰী কৰাৰ । এতিয়া 12 বজাৰ আগতে আৰু 50 পেকেট বিক্ৰী হলে হৈ যাব 10 হেজাৰ বিক্ৰী। গতিকে অনুগ্ৰহ কৰি share কৰক।’
Photo: Khatang Khobor
Published By: Dulu Medhi
Discussion about this post