নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ (Facebook Video Viral) বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়া পংকজ পাঠকৰ (Pankaj Pathak) বিৰুদ্ধে জাঙুৰ খাই উঠিছিল নাৰী সমাজ। বাণিজ্যিক প্ৰচাৰ চলাবলৈ গৈ নাৰী শক্তিৰ ৰোষত পৰা বিতৰ্কিত পংকজ পাঠকৰ বিৰুদ্ধে থানাই থানাই দাখিল হৈছে এজাহাৰ (FIR Lodged Against Pankaj Pathak)। টিএমচিৰ মহিলা সমিতি (TMC), ৰাইজৰ দলৰ (Raijor Dol) লগতে বিভিন্ন নাৰী সংগঠনে আচাৰ্য পংকজ পাঠকৰ গ্ৰেপ্তাৰ দাবী জনাই থানাত দাখিল কৰিছে এজাহাৰ।
এই সকলোৰে মাজতে থানালৈ যোৱাৰ ভয়তে হওক বা বেপাৰ বন্ধ হোৱাৰ ভয়তে হওক নিজৰ মন্তব্যক লৈ স্পষ্টীকৰণ প্ৰকাশ কৰিছে আচাৰ্য পংকজ পাঠকে। তেওঁ ফেচবুকত ভিডিঅ’ পোষ্ট কৰি কয় যে- ‘যিসকল নাৰীয়ে স্বামী থকা স্বত্বেও অন্তৰ্বাস পিন্ধি কৰি ৰীল ভিডিঅ’ বনাই, তেওঁলোকৰ স্বামীৰ স্বাস্থ্যৰ ভালৰ বাবেহে বান্দৰ কেকোঁৱাৰ গুড়ি খোৱাৰ কথা কৈছিলো। মই সকলো নাৰী জাতিক লৈ এনেধৰণৰ মন্তব্য কৰা নাছিলো। একাংশ সংবাদ মাধ্যমে তেওঁৰ মন্তব্য ভুলকৈ ব্যাখ্যা কৰা বুলি কয় পংকজ পাঠকে। কিন্তু ক্ষমা খোজাৰ পৰা বিৰত থাকে পাঠক।
পংকজ পাঠকে নিজৰ ব্যৱসায়ৰ প্ৰচাৰ চলাবলৈ গৈ পূৰ্বেও বহু বিতৰ্কৰ সূচনা কৰিছিল। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ কাহৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ শিক্ষাৰ্থীসকললৈ বিধান আগবঢ়ায় বিতৰ্কত সোমাই পৰিছিল পংকজ পাঠক।
শেহতীয়াকৈ চুটি কাপোৰ পিন্ধি ৰীল ভিডিঅ’ বনোৱা মহিলাৰ স্বামীক বান্দৰ কেকোঁৱাৰ গুড়ি খাবলৈ পৰামৰ্শ দিয়ালৈকে প্ৰায়ে বিতৰ্কিত মন্তব্য কৰি চৰ্চিত হৈ আহিছে পংকজ পাঠক (Pankaj Pathak)।
আনহাতে ভাৰতত টিকটক এপ বন্ধ হোৱাৰ প্ৰধান কাৰণ অশ্লীলতা বুলি মন্তব্য কৰি পংকজ পাঠকে (Pankaj Pathak) কয় যে এতিয়া একাংশ মহিলাই অন্তৰ্বাস পিন্ধি ফেচবুক, ইনষ্টাগ্ৰামত অশ্লীল ভিডিঅ’ বনায়। তেওঁলোকে নিজৰ স্বামীৰ প্ৰেচাৰ, চুগাৰ আদি নিৰাময় কৰিবৰ বাবে সেই বিশেষ ঔষধ বিধৰ কথা কোৱা বুলি মন্তব্য কৰে পংকজ পাঠকে।
Photo: Google
Published By: Dulu Medhi
Discussion about this post