পুনৰ বিতৰ্কত বঙালী অভিনেত্ৰী শ্ৰাৱন্তি চেটাৰ্জী (Bengali actress Srabanti Chatterjee) । এইবাৰ ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা এখন ফটোক লৈ বিতৰ্কৰ মাজত সোমাই পৰিছে (Social Media Viral Photo) । এই ফটোখন শ্বেয়াৰ কৰাৰ পিছতে অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। চৰ্চা অনুসৰি, দোষী সাব্যস্ত হ’লেই অভিনেত্ৰীগৰাকী যাব লাগিব পাৰে জেললৈ।
দৰাচলতে চলিত বৰ্ষৰ ১৫ জানুৱাৰীত অভিনেত্ৰী শ্ৰাৱন্তিয়ে তেওঁৰ ছচিয়েল মিডিয়াত একাউণ্টত শ্বেয়াৰ কৰিছিল এইখন ফটো। সেই ফটোখনত অভিনেত্ৰীগৰাকীয়ে হাতত শিকলিৰে বন্ধা এটা নেউল লৈ থকা দেখা গৈছিল (Posted Photos With A Chained Mongoose On Social Media)।
এই ছবিখন শ্বেয়াৰ কৰি শ্ৰাৱন্তিয়ে কেপশ্যনত লিখিছিল- ‘Suddenly Met A Cute Little Friend.’ অভিনেত্ৰীগৰাকীয়ে এই ফটোখন শ্বেয়াৰ কৰাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ। শ্ৰাৱন্তিয়ে বন্যপ্ৰাণী সুৰক্ষা আইন (Wildlife Protection Act) উলংঘন কৰাৰো অভিযোগ উত্থাপন হৈছে।
জানিব পৰা মতে, শ্ৰাৱন্তিৰ বিৰুদ্ধে বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ধাৰা ৯, ১১, ৩৯, ৪৮এ, ৪৯এৰ অধীনত এটা গোচৰো পঞ্জীয়ন কৰা হৈছে। ইয়াৰ পিছতে তেওঁ অতি সোনকালে কলকাতাৰ চ’ল্টলেকস্থিত বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ কোষ আৰু ডাটা মেনেজমেণ্ট ইউনিটৰ সন্মুখত হাজিৰ হ’ব লাগিব। তাতে তেওঁক সোধা-পোছা কৰাৰ অন্তত দোষী সাব্যস্ত হ’লে গ্ৰেপ্তাৰো কৰা হ’ব পাৰে।
দৰাচলতে চলিত বৰ্ষৰ ১৫ জানুৱাৰীত অভিনেত্ৰী শ্ৰাৱন্তিয়ে তেওঁৰ ছচিয়েল মিডিয়াত একাউণ্টত শ্বেয়াৰ কৰিছিল এইখন ফটো।
অৱশ্যে অভিনেত্ৰীগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। শ্ৰাৱন্তিৰ অধিবক্তা এছ কে হাবিবুদ্দিনে প্ৰকাশ কৰা মতে, সমগ্ৰ বিষয়টো ভালদৰে বুজি উঠাৰ পিছতহে অভিনেত্ৰীগৰাকীয়ে নিজৰ মত ব্যক্ত কৰিব।
ইফালে এগৰাকী জ্যেষ্ঠ বন বিষয়াই সংবাদ মাধ্যমৰ আগত কয়, “বন্যপ্ৰাণীক এনেদৰে বন্দী কৰি ৰখাটো কেৱল অপৰাধেই নহয়, কিন্তু যদি শ্ৰাৱন্তিৰ দৰে তাৰকাই এনে কাম কৰে, তেন্তে ইয়াৰ দ্বাৰা বহু লোক প্ৰভাৱিত হ’ব পাৰে। বন বিভাগৰ সৈতে সহযোগিতা কৰা উচিত আৰু বন্যপ্ৰাণী সংৰক্ষণৰ এই যুঁজত আমাক সহায় কৰা উচিত।’’
Photo: Social Media
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/health-benefits-why-should-you-eat-basil-tulsi-every-day/7218/
Discussion about this post