ছচিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে। VIP-VVIPক নিৰাপত্তা বেষ্টনীৰ মাজত নিয়াটো তেনেই সাধাৰণ কথা কিন্তু আপানালোকে কেতিয়াবা জাৱৰক নিৰাপত্তা বেষ্টনীৰ মাজত লৈ যোৱা দেখিছেনে?
যদি দেখা নাই তেন্তে, এই ভিডিঅ’টো প্ৰত্যক্ষ কৰিলে সেই অভিজ্ঞতাও আপুনি ল’ব পাৰিব। ফেচবুকত বিভিন্নজনে এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে আৰু লগতে আৰক্ষীৰ এই কাৰ্যক অগ্ৰহণযোগ্য বুলিও মন্তব্য কৰে বিভিন্নজনে।
ভিডিঅ’টো দেখা পোৱা গৈছে যে, চন্দ্ৰপুৰলৈ যাত্ৰা আৰম্ভ গুৱাহাটীৰ ভিভিআইপিৰ। আগে আগে আৰক্ষীৰ বাহন, পাছে পাছে আৰক্ষীৰ বাহন আৰু VIP-VVIPৰ ৰূপত জাৱৰৰ বাহন। আৰক্ষী আৰু সেনাৰ লোকে নিৰপত্তা বেহুৰ মাজেৰে GMCৰ জাৱৰৰ গাড়ী চন্দ্ৰপুৰলৈ লৈ গৈ আছে।
https://www.facebook.com/tapan.kalita.148/videos/4791373504212372/
কোনো বিশিষ্ট লোকক সুৰক্ষা বেষ্টনী দিয়াৰ দৰে জাৱৰৰ বাহনক এনেদৰে নিয়াৰ কাৰণ হ’ল চন্দ্ৰপুৰবাসীৰ হুংকাৰ। উল্লেখ্য কিছুদিন পূৰ্বে গুৱাহাটীৰ জাৱৰ চন্দ্ৰপুৰবাসীয়ে গ্ৰহণ নকৰে বুলি হুংকাৰ দি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু তাৰ পিছতে এইদৰে বিকল্প ব্যৱস্থা লৈছে জি.এম.চিয়ে।
Photo: Facebook




























Discussion about this post