অসম বিশ্ববিদ্যালয়ৰ (Assam University) তিনিগৰাকী অধ্যাপকে বিশ্বৰ শ্ৰেষ্ঠ দুই শতাংশ বিজ্ঞানীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এলচেভিয়াৰ ইনষ্টিটিউটে প্ৰকাশ কৰা তালিকাত নাম আছে জীৱবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড. শুভদীপ ৰায় চৌধুৰী, ফাৰ্মাচীউটিকেল বিভাগৰ সহকাৰী অধ্যাপক ড. ৰবিনাৰায়ণ পাৰহি আৰু এপ্লাইড চায়েন্স আৰু হিউমিনিটিছ বিভাগৰ সহকাৰী অধ্যাপক ড. প্ৰদীপ দেৱনাথৰ। এই তালিকাখন এলচেভিয়াৰ ইনষ্টিটিউটে গৱেষণা পত্ৰৰ স্বতন্ত্ৰ অধ্যয়নৰ অন্তত প্ৰকাশ কৰিছে। আগশাৰীৰ বিজ্ঞানীসকলৰ ৰাজহুৱাভাৱে উপলব্ধ তথ্যকোষৰ ভিত্তিত ইয়াক প্ৰস্তুত কৰা হয়।
এই স্বীকৃতি প্ৰাকৃতিক বিজ্ঞান, পৰিৱেশ বিজ্ঞান, ফাৰ্মাচীউটিকেল চায়েন্স, স্বাস্থ্য বিজ্ঞান (প্ৰজনন চিকিৎসাকে ধৰি), আৰু গাণিতিক আৰু পৰিসংখ্যা বিজ্ঞান (কৃত্ৰিম বুদ্ধিমত্তা আৰু ছবি প্ৰক্ৰিয়াকৰণকে ধৰি)লৈ তেওঁলোকৰ ব্যতিক্ৰমী অৱদানৰ প্ৰমাণ। এই অধ্যাপকসকলে নিজৰ নিজৰ ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে নিজৰ বিশেষজ্ঞতা, নিষ্ঠা আৰু দায়বদ্ধতা প্ৰদৰ্শন কৰি বিশ্বব্যাপী স্বীকৃতি লাভ কৰিছে।
অসম বিশ্ববিদ্যালয়ৰ ((Assam University) উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্থে গৱেষণাৰ ক্ষেত্ৰত অধ্যাপক তিনিগৰাকীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ ক’য়, “আমাৰ বাবে গৌৰৱৰ বিষয়। বিশেষ তালিকাত অসম বিশ্ববিদ্যালয়ৰ শিক্ষাবিদ আৰু গৱেষক থকাটো সৌভাগ্যৰ কথা।”
Discussion about this post