নগাঁও জিলা আয়ুক্ত কাৰ্য্যলয়ত শুক্ৰবাৰে সাংসদ প্ৰদ্যুত বৰদলৈৰ নেতৃত্বত অনুষ্ঠিত হয় ‘নগাঁৱৰ আহবান নগঞা সমিধান’ সামাজিক অভিযানৰ বঁটা প্ৰদান অনুষ্ঠান ।
নগাঁৱৰ স্থানীয় সমস্যাৰ সমাধান বিচাৰি সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে আয়োজন কৰিছিল নগাঁৱৰ আহ্বান নগঞা সমিধানৰ । আৰু এই অভিযানত কলং নদীত হোৱা প্ৰদূষণ ৰোধ কৰা সন্দৰ্ভত এক ৰূপায়ণযোগ্য সমিধান আগবঢ়াই প্ৰথম পুৰস্কাৰ ৰূপে ১,২৫,০০০ লাভ কৰিবলৈ সক্ষম হয় আতিকুল ইছলামে, দ্বিতীয় পুৰস্কাৰ লাভ কৰি ১ লাখ টকা লাভ কৰিবলৈ সক্ষম হয় দেবাশীষ ভূঞাই আৰু তৃতীয় পুৰস্কাৰ ৰূপে ৭৫,০০০ টকা লাভ কৰিবলৈ সক্ষম হয় প্ৰমোদ বৰাই।
Yesterday, I was pleased to distribute prizes to the three winners of the ‘নগাঁৱৰ আহ্বান নগঞা সমিধান’ competition, a unique scheme to promote local solutions to local problems in my constituency. Hearty congratulations to Atiqul Islam, Debashish Bhuyan & Promod Bora! pic.twitter.com/Skk9ljr6lN
— Pradyut Bordoloi (@pradyutbordoloi) December 9, 2023
এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এই বৰ্ষৰ পৰা নগাঁৱৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে পৰিৱেশ , পাৰিপাৰ্শ্বিকতা আৰু জলবায়ু সংৰক্ষণৰ সৈতে নিস্বাৰ্থভাৱে কাম কৰি অহা ব্যক্তি আৰু সংস্থাৰ বাবে ‘ নগাঁৱৰ সাংসদৰ সেউজ উদ্গনি বঁটা’ আৰম্ভ কৰিছে । এই বৰ্ষত এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দুটি বেচৰকাৰী সংস্থা ক্ৰমে- ‘ হাতী বন্ধু ‘ আৰু ‘ গ্ৰীণ পুলিচে ‘ , ইয়াৰ লগতে সাংসদ ডাঙৰীয়াই তেওঁলোকক নিজৰ ফালৰ পৰা প্ৰদান কৰিছে ২৫, ০০০ টকা। ইয়াৰ উপৰিও ব্যক্তিগতভাৱে এই বঁটা লাভ কৰিছে তিনিগৰাকী কৈ ব্যক্তি ক্ৰমে, দিলৱাৰ হুছেইন, দীপজ্যোতি বৰা আৰু ঋতুৰাজ ফুকনে । তেওঁলোকক প্ৰদান কৰা হৈছে ২০,০০০ কৈ টকা ।
I was also pleased to launch the first edition of the ‘‘নগঁঞা সাংসদৰ সেউজ উদগনি বঁটা, ২৩’ – an initiative to recognise & acknowledge the contributions of unsung individuals and groups across my constituency working in fields of conservation, waste management, climate change etc. pic.twitter.com/ODX7waEQ92
— Pradyut Bordoloi (@pradyutbordoloi) December 9, 2023
সাংসদ গৰাকীৰ এই পদক্ষেপক সভাত উপস্থিত থকা সকলোৱে শলাগ জনাই ।
Discussion about this post