দুঘণ্টাৰ ধাৰাসাৰ বৰষুণে ধুৱাই নিলে গুৱাহাটী মহানগৰীক। সোমবাৰে বিয়লি অহা মুষলধাৰ বৰষুণে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি কৰে। এক সাগৰসদৃশ পৰিবেশ গুৱাহাটীৰ চাৰিওফালে।
মহানগৰীৰ এই মহাপ্ৰলয়ে সকলো শ্ৰেণীৰ লোকৰ জনজীৱন দুৰ্বিষহ কৰি তোলে। স্কুল-কলেজৰ কণ কণ শিক্ষাৰ্থীৰ পৰা আদি কৰি বিভিন্ন শ্ৰেণীৰ লোক বিভিন্ন স্থানত আৱদ্ধ হৈ পৰে। নিশা ১২ -০০ বজা পৰ্যন্ত বহু লোক আৱদ্ধ হৈ থকাৰো খবৰ পোৱা গৈছে। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী মহানগৰীৰ চৰকাৰী-বেচৰকাৰী সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰে।
অহা ৫ দিনলৈ অসম, উত্তৰ-পূৰ্বাঞ্চলৰ আকাশ হৈ থাকিব ডাৱৰীয়া লগতে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।
সোমবাৰৰ বৰষুণৰ পৰিমাণ আছিল ক্ৰমে হেঙেৰাবাৰীত ১০৩.৫ মিঃমিঃ, কলাক্ষেত্ৰত ৯৯ মিঃমিঃ।
Discussion about this post