শিলসাঁকোত উচ্ছেদস্থলীত অভিনৱ প্ৰতিবাদ –
গুৱাহাটী মহানগৰীৰ শিলসাঁকোৰ উচ্ছেদস্থলিত উচ্ছেদৰ বিৰুদ্ধে অবিৰতভাবে আন্দোলন কৰি থকা মহিলাই শুক্ৰবাৰে এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অৰ্ধ উলংগ প্ৰতিবাদৰে চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ ক্ষুব্ধ মহিলাৰ এই স্থিতিত এক প্ৰকাৰ থৰকাছুটি হেৰায় আৰক্ষীৰ ৷
উল্লেখ্য যে,শুক্ৰবাৰে পুৱাৰে পৰা শিলসাঁকোৰ বৰবাৰীৰ এশ বিঘা মাটি বেদখল মুক্ত কৰাৰ মহানগৰ প্ৰশাসনে এক সমৰসজ্জা গঢ়ি তোলে ৷ প্ৰায় তিনিশ আৰক্ষী, জিচিবি আৰু ৰ’লাৰৰে উচ্ছেদস্থলীত উচ্ছেদৰ বাবে সাজু কৰা হয় ৷
জি এম ডি এ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হ’বলগীয়া উচ্ছেদৰ বাবে প্ৰথম পদক্ষেপ হিচাপে ৪০ টা বাসগৃহ ভাঙিবলৈ জেচিবি সাজু হওতেই একাংশ মহিলা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু লাচিত সেনাৰ সদস্যই বাধাপ্ৰদান কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ ইয়াৰ মাজতে দুগৰাকী মহিলাই অৰ্ধ উলংগ হৈ উচ্ছেদৰ বিৰুদ্ধে শ্ল’গান দিয়ে ৷
আনকি আৰক্ষীৰে প্রতিবাদকাৰীৰ সংঘাত হোৱাও পৰিলক্ষিত হয়। যাৰ বাবে পৰৱৰ্তী সময়ত অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰা দুই মহিলা, কে এম এম এছৰ শাখা সংগঠন ছাত্ৰ মুক্তিৰ সম্পাদক বিদ্যুত শইকীয়াক, আকাশ দলে সহ ২৫ জন প্রতিবাদকাৰীক আটক কৰি আৰক্ষীয়ে লৈ যায় ৷
মনকৰিবলগীয়া যে,প্ৰশাসনে ইতিমধ্যে কেইবাবিঘা মাটিত উচ্ছেদ কৰি বেদখলমুক্ত কৰিছে ৷ শেহতীয়াকৈ পুনৰ বেদখল কৰিবলৈ ওলোৱাত একপ্ৰকাৰ বিতত হৈ পৰিছে অঞ্চলটোৰ লোকসকল।
আনহাতে চৰকাৰে স্পষ্ট কৰি দিছিল যে উচ্ছেদ অভিযান অব্যাহত থাকিব ৷ কোনো কাৰণতে থমকি নৰয় ৷ ইফালে নিজৰ স্থিতিত অটল হৈ আছে শিলসাকোৰ বাসিন্দা সকল। তেওঁলোকৰ হুংকাৰ,চৰকাৰে উচ্ছেদ চলোৱা লোকক ভূমি নিদিয়া লৈকে পিছ হুহকি নাহে ৷
একাংশ লোকে অভিযোগ কৰা মতে,তেওঁলোকে দখল কৰা মাটি পট্টাভূক্ত ৷ প্ৰদীপ দলে, ৰাজকুমাৰ দলে আদিকে কৰি কে’বাজনো লোকৰ পৰা ক্ৰয় কৰিছে ৷ একেদৰে তেওঁলোকে অভিযোগ কৰে যে,ইতিমধ্যে সম্পন্ন কৰা উচ্ছেদৰ পাছত জি এম ডি এ সীমাত খুটা বঢ়াই সীমা নিৰ্ধাৰণ কৰি দিছিল ৷ কিন্ত আজি সেই খুটি অতিক্ৰম কৰি পুনৰ ১৫০ বিঘা মাটি বেদখল মুক্ত কৰাৰ উদ্দেশ্যৰে ৪০ ঘৰ উচ্ছেদ কৰে ৷
স্মতৰ্ৱ্য যে, জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ কলিতা সহ মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই যোৱা দুদিন ধৰি শিলসাঁকোত বাহৰ পাতি উচ্ছেদৰ কুজকাৱাজ আৰম্ভ কৰিছিল ৷ অধ্যক্ষ নাৰায়ণ কলিতাই বৃহস্পতিবাৰে উচ্ছেদস্থলীত সাংবাদিকৰ আগত সদৰি কৰিছিল যে উচ্ছেদ হোৱা প্ৰতিটো পৰিয়ালক সংস্থাপনৰ বাবে পাঁচ লাখ টকাকৈ দিয়া হ’ব ৷
ইফালে শুক্ৰবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদ সন্দৰ্ভত কয়,ৰাইজৰ স’তে আলোচনা কৰিহে উচ্ছেদ কৰা হৈছে ৷ উচ্ছেদ হোৱা প্ৰতিটো পৰিয়ালক দিয়া হ’ব একোটাকৈ ফ্লেট ৷ আনহাতে উচ্ছেদস্থলীৰ পৰিবেশ উত্তাল কৰা সকল স্থানীয় লোক নহয় ৷ সেইসকল আন্দোলন কৰি ভাল পোৱা এটা সংগঠনৰ বুলি কটাক্ষ কৰে ৷
উল্লেখ্য যে, অসমত ইয়াৰ পূৰ্বে মহিলাৰ এনে প্ৰতিবাদ হোৱা নাছিল। মণিপুৰৰ পাছত অসমত হোৱা মহিলাৰ অৰ্ধ উলংগ প্ৰতিবাদে চৰকাৰৰ বিৰুদ্ধে ৰাইজৰ এইয়া ক্ষোভৰ বহি:প্ৰকাশ ৷
এই খিনিতে উল্লেখ কৰিব পাৰি যে, চৰকাৰে সৰ্বসাধাৰণ খিলঞ্জীয়া লোকৰ ঘৰ- দুৱাৰ ভাঙি উচ্ছেদ কৰাৰ বিপৰীতে শিলসাঁকোৰ উচ্ছেদিত ভূমিত বহু নেতা -মন্ত্ৰী সহ সাংসদৰ ঘৰদুৱাৰ আজিও সজীৱ হৈ আছে । একেদৰে আছে জিঞ্জাৰ হোটেলো । কাৰ আৰ্শীবাদত জিঞ্জাৰ হোটেলত আজি পৰ্যন্ত কৰা ন’হল উচ্ছেদ ৷ এইয়া এতিয়া ৰাইজৰ বাবে এক ডাঙৰ প্ৰশ্ন।
আজি উচ্ছেদস্থলীত খিলঞ্জীয়া মহিলাই কৰা অৰ্ধ নগ্ন প্ৰতিবাদে আগন্তুক দিনত এক অশুনি বাৰ্তা দিলে ৷ এনে ক্ষেত্ৰত চৰকাৰে খিলঞ্জীয়া লোক সকলৰ ক্ষেত্ৰত এক ইতিবাচক ভূমিকা নল’লে যিকোনো সময়তে পৰিস্থিতি জটিল হোৱাৰ ইংগিত বহন কৰিছে ৷
Discussion about this post