প্ৰায় দুমাহৰ নিস্তব্ধতাৰ অন্তত হাৱাইৰ আগ্নেয়গিৰি কিলাউইয়া বিস্ফোৰণ !
বিশ্বৰ অন্যতম সক্ৰিয় আগ্নেয়গিৰি কিলাউয়া (Kilauea) ৰ দুমাহৰ বিৰতিৰ পিছত দেওবাৰে পুনৰ বিস্ফোৰণ আৰম্ভ হয়।
হাৱাই (Hawaii) আগ্নেয়গিৰি মানৱ নিৰীক্ষণ কেন্দ্ৰই জনোৱা মতে, বিয়লি কিলাউয়াৰ শিখৰত এই বিস্ফোৰণ পৰ্যবেক্ষণ কৰা হয়।
জুন মাহত কিলাউইয়া ((Kilauea) কেইবা সপ্তাহ ধৰি বিস্ফোৰণ ঘটিছিল। ৰঙা লাভাৰ দৃশ্য চাবলৈ বিগ আইলেণ্ডৰ হাৱাই আগ্নেয়গিৰি ৰাষ্ট্ৰীয় উদ্যানলৈ (Big Island’s Hawaii Volcanoes National Park) মানুহৰ ভিৰ হৈছিল, য’ৰ পৰা লাভা নিৰ্গত হোৱা অপূৱ দৃশ্য দেখা গৈছিল।
হাৱাইৰ (Hawaii) দ্বিতীয় বৃহত্তম আগ্নেয়গিৰি কিলাউয়া (Kilauea) ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা যোৱা ডিচেম্বৰ মাহলৈকে বিস্ফোৰণ ঘটিছিল। ২০১৮ চনত কিলাউয়া ((Kilauea) বিস্ফোৰণত ৭০০ৰো অধিক ঘৰ ধ্বংস হৈছিল।
Discussion about this post