বাংলাদেশত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদৰ মাজতে শ্বেখ হাছিনাই বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে। সূত্ৰ অনুসৰি হাছিনা আৰু তেওঁৰ ভগ্নী শ্বেখ ৰেহানা প্ৰধানমন্ত্ৰীৰ বাসগৃহ গণভবন এৰি নিৰাপদ ঠাইলৈ ৰাওনা হয়।
বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে (Bangladesh army chief Waker-Uz-Zaman) প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পদত্যাগৰ পিছতে অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে।
দেশবাসীলৈ দিয়া ভাষণত সেনা প্ৰধানগৰাকীয়ে শান্তিৰ আহ্বান জনাই জনসাধাৰণক আশ্বাস দিয়ে যে বৰ্তমানৰ অশান্তিৰ লগত জড়িত প্ৰতিটো মৃত্যুৰ জবাবদিহি হ’ব। তেওঁ লগতে কয় যে আজি ৰাতিৰ ভিতৰত শৃংখলা পুনৰুদ্ধাৰ আৰু সমাধান বিচাৰি উলিওৱাৰ বাবে সামৰিক বাহিনীয়ে প্ৰতিশ্ৰুতিবদ্ধ।
সামৰিক বাহিনীৰ ওপৰত বিশ্বাস ৰাখক, আমি সকলো হত্যাকাণ্ডৰ তদন্ত কৰি দোষীক শাস্তি দিম।’ “মই নিৰ্দেশ দিছো যে কোনো সেনা আৰু আৰক্ষীয়ে কোনো ধৰণৰ গুলীচালনাত লিপ্ত নহয়” (I have ordered that no army and police will indulge in any kind of firing.)।
Discussion about this post