এই বছৰৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ বাবে হাৰিয়ানাৰ পৰা অনা হৈছে হাইটেক প্ৰযুক্তিৰে গঢ়া “নিশ্চয় ৰথ”। উন্নত সা-সুবিধা আৰু প্ৰযুক্তিৰ ব্যৱস্থা থকা “নিশ্চয় ৰথ” খন দেখিবলৈ ভেনিটি ভানৰ দৰে। ৰথখনৰ মূল্য প্ৰায় ৪ কোটি টকা। এইখন “নিশ্চয় ৰথ” ত উঠিয়ে নীতিশ কুমাৰে অহা নিৰ্বাচনত প্ৰচাৰ চলাব। ৰথখনত সৰ্বত্ৰ নীতিশ কুমাৰৰ ফটো লগোৱা আছে। তদুপৰি তাত লিখা আছে ‘বেহেন বেটীয়ো কা স্বপ্নে সাকাৰ, ধন্যবাদ নীতিশ কুমাৰ’ আদি শ্ল’গান। ৰথখনত নীতিশ কুমাৰৰ দল জে ডি ইউৰ প্ৰতীক চিহ্নও লগোৱা আছে। ৰথখনত নাই পিছে বিজেপিৰ কোনো ছবি। ৰথখনৰ বিশেষত্ব হ’ল দীৰ্ঘ সময় ধৰি ভ্ৰমণ কৰিলেও ভাগৰ লগাৰ অৱকাশ নাই। ৰথৰ ওপৰত ফ্লাড লাইটৰ ব্যৱস্থাও আছে, যাতে নিশাৰ ভাগতো নিৰ্বাচনী প্ৰচাৰ চলাব পৰা যায়। উল্লেখ যে, ২০২৩ বৰ্ষটো নিষাদ সংৰক্ষণ যাত্ৰা কাৰ্যসূচীৰ সময়তো নীতিশ কুমাৰে এইখন ৰথ ব্যৱহাৰ কৰিছিল।
Discussion about this post