গণ অভ্যুত্থানৰ পাছতো বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক হোৱা নাই। বাংলাদেশত সংখ্যালঘু লোকৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। যাৰ বাবেই বহু লোকে ভাৰতৰ সীমান্তত প্ৰৱেশৰ চেষ্টা চলাইছে। এই সন্দৰ্ভত বি এছ এফকো সতৰ্ক কৰি দিয়া হৈছে।
ইফালে, পশ্চিমবংগৰ কোচবিহাৰ জিলাত বাংলাদেশ সীমান্তৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা লোকৰ প্ৰচেষ্টাক শুকুৰবাৰে বিফল কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে।
এই আটাইকেইজন লোক বাংলাদেশৰ লালমনিহাট জিলাৰ সীমান্তৰ পৰা ৪০০ মিটাৰ দূৰত্বত সমবেত হৈছিল।
এই সন্দৰ্ভত তথ্য দি বি এছ এফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে সীমান্তত বহু লোক সমবেত হৈছিল যদিও সীমান্ত ছীল কৰাৰ বাবে কোনো লোক প্ৰৱেশ কৰিব পৰা নাছিল। পিছত সীমান্তৰক্ষী বাংলাদেশে এই লোকসকলক নিজৰ দেশলৈ লৈ যায়।
ভাৰত-বাংলাদেশ সীমান্তৰ সাম্প্ৰতিক পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে সীমান্ত সুৰক্ষা বাহিনী (বি এছ এফ)ৰ পূব কমাণ্ডৰ অতিৰিক্ত সঞ্চালক প্ৰধানৰ অধ্যক্ষতাত পাঁচজনীয়া এখন সমিতি গঠন কৰে।এই কমিটীৰ নেতৃত্বত আছে এডিজি, সীমান্ত সুৰক্ষা বাহিনী, ইষ্টাৰ্ণ কমাণ্ড।
Discussion about this post