১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত দেশমাতৃৰ স্বাধীনতাৰ হকে যুঁজ দি ২০ ছেপ্টেম্বৰ দিনটোতেই মৃত্যুবৰণ কৰিছিল কেইবাগৰাকীও অসমীয়াই।
এইসকলৰ ভিতৰত আছিল কনকলতা বৰুৱা, মুকুন্দ কাকতি, ভোগেশ্বৰী ফুকননী, তিলেশ্বৰী বৰুৱা, মনবৰ নাথ আৰু কমলা মিৰিকে ধৰি কেইবাগৰাকীও বীৰ-বীৰাংগনা। স্বাধীনতা বিপ্লৱত অসীম ত্যাগ আৰু দেশপ্ৰেমৰ অতুল্য নিদৰ্শন দেখুৱাই এইসকল সংগ্ৰামীয়ে বৃটিছৰ বিপক্ষে থিয় দিছিল। গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি গৈ বৃটিছৰ গুলীত মৃত্যুবৰণ কৰে কনকলতা বৰুৱা, মুকুন্দ কাকতি আদিয়ে।
উল্লেখ্য যে, কনকলতা বৰুৱা এই আন্দোলনত প্ৰাণ আহুতি দিয়া প্ৰথমগৰাকী অসমীয়া মহিলা শ্বহীদ । আজি এই শ্বহীদ দিৱস দিনটোতে কনকলতা বৰুৱাৰ ভাতৃ কালিচৰণ বৰুৱাই ৰাজ্যবাসীক জনাই যে শ্বহীদ কনকলতা বৰুৱা স্মৃতি ৰক্ষা সমিতিয়ে, ১৯৭৫ চনৰ পৰা লিখি অহা কনকলতা বৰুৱাৰ বিভিন্ন তথ্য সমৃদ্ধ ২৫০ পৃষ্ঠাজোৰা এখন গ্ৰন্থ লিখি প্ৰকাশৰ দিশে আগবাঢ়িছে।
এই ২৫০ পৃষ্ঠাজোৰা গ্ৰন্থখনৰ নাম হ’ব “শ্বহীদ কনতকলতা বৰুৱা আৰু অন্যান্য”।
Discussion about this post