পাকিস্তানত ছবিৰ মুক্তি বাতিল কৰি কঠোৰ সতৰ্কবাণী সুনীল চেট্টীৰ – কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’
শেহতীয়াকৈ লতা দিননাথ মংগেশকাৰ বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত আছিল অভিনেতাগৰাকী। তাত পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰত তেওঁৰ প্ৰথম অনুৰোধ আছিল, “আপোনাৰ ভিতৰৰ ভয়টো জ্বলি উঠিব নিদিব। আহক আমি সকলোৱে একত্ৰিত হওঁ।”
লগতে তেঁও কয়,”আমাৰ বাবে মানৱতাৰ সেৱা হৈছে ঈশ্বৰৰ সেৱা। ঈশ্বৰে সকলো দেখে আৰু তেওঁ বিচাৰ কৰিব। এই মুহূৰ্তত আমি ভাৰতীয়সকলে আমাৰ মতানৈক্য পাহৰি একত্ৰিত হোৱা উচিত। বিভাজনকাৰীসকলৰ জালত নপৰাকৈ একত্ৰিত হওঁ আহক। আমি তেওঁলোকক দেখুৱাব লাগিব যে কাশ্মীৰ আমাৰ আছিল, চিৰদিনৰ বাবে আমাৰ হৈ থাকিব। আৰু সেইটোৱেই আমাৰ দেশৰ সেনা আৰু ৰাজনীতিবিদসকলে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছে।”
লগতে সুনীলে কয়, “ভাৰতীয় নাগৰিক হিচাপে আমাৰ এটা কৰ্তব্য আছে। আমি সিদ্ধান্ত ল’ব লাগিব যে আমি আমাৰ পৰৱৰ্তী ছুটী কাশ্মীৰত পৰিয়ালৰ স’তে কটাম। আৰু আন ক’তো নাই। আমি তেওঁলোকক দেখুৱাব লাগিব যে আমি ভয় কৰা নাই। আৰু আমাৰ মাজত কোনো ভয়ৰ সৃষ্টি হোৱা নাই।”
প্ৰসংগক্ৰমে কাশ্মীৰৰ পেহেলগামৰ বৈছাৰণ উপত্যকাত নিৰ্বিচাৰে নিৰীহ পৰ্যটকক হত্যা কৰাৰ পাছতে পৰা কাশ্মীৰৰ পৰ্যটন উদ্যোগ অস্তিত্ব সংকটৰ অৱস্থাত পৰিছে। জীৱিকাৰ বাবেও চিন্তিত স্থানীয় ৰাইজ। কাৰণ ভূস্বৰ্গৰ অৰ্থনীতি পৰ্যটন উদ্যোগৰ ওপৰত ভিত্তি কৰিয়ে গঢ় লৈ উঠিছিল।
এনে ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত আন কোনো পৰ্যটকে নিজৰ পৰিয়াল আৰু সন্তানক তালৈ নিয়াৰ পৰিকল্পনা কৰিবনে নাই সেই লৈ স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে। এনে পৰিবেশতেই আহে সুনীলৰ ইংগিতদায়ক বাৰ্তা।
উল্লেখ্য যে,সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত অভিনেতাগৰাকীয়ে পাকিস্তানত মুক্তি পোৱা ‘কেছাৰী বীৰ’ ছবিখনো বাতিল কৰিছে।
Discussion about this post