দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে মঙলবাৰে সন্ধিয়া ৪.৪৫ বজাত লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাক পদত্যাগ পত্ৰ দাখিল কৰে । ইয়াৰ পিছত আম আদমি পাৰ্টিৰ নতুন বিধায়িনী দলৰ নেতা আতিশীয়ে নতুন চৰকাৰ গঠনৰ বাবে লেফটেনেণ্ট গৱৰ্ণৰৰ ওচৰত আবেদন দাখিল কৰে ।
অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত আপ নেতা গোপাল ৰায়ে কয়, “অৰবিন্দ কেজৰিৱালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰক পদত্যাগ দাখিল কৰিছে । সকলো বিধায়কে মিলি আতিশীক নতুন মুখ্যমন্ত্ৰী হিচাপে মনোনীত কৰাৰ সিদ্ধান্ত লৈছে ।”
দৰাচলতে আজি অৰবিন্দ কেজৰিৱালে বিধায়িনী দলৰ বৈঠকত আতিশীৰ নাম প্ৰস্তাৱ কৰিছিল, য’ত সকলো বিধায়কে সন্মতি দিয়ে । ইয়াৰ পিছত নতুন মুখ্যমন্ত্ৰীৰ বাবে আতিশীৰ নাম ঘোষণা কৰা হ’ল । আতিশী কেজৰিৱালৰ অতি বিশ্বাসযোগ্য । ১৩ ছেপ্টেম্বৰত সুৰা নীতিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কেজৰিৱালে ১৫ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ।
মঙলবাৰে (১৭ ছেপ্টেম্বৰ, ২০২৪) দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে ৪৩ বছৰীয়া আতিশী মাৰ্লেনা (বৰ্তমান কেৱল প্ৰথম নামেৰেহে পৰিচিত) শীৰ্ষ পদলৈ উন্নীত হোৱাৰ লগে লগে সুষমা স্বৰাজ আৰু শীলা দীক্ষিতৰ পিছতে দিল্লীৰ তৃতীয়গৰাকী মহিলা মুখ্যমন্ত্ৰী হ’ব আতিশী। |
Discussion about this post