গুৱাহাটীঃ বৈধ নথি অবিহনে ৰাজ্যখনত অবৈধভাৱে থকাৰ অভিযোগত অসম আৰক্ষীৰ সীমান্ত শাখাই গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰিছে এজন পোলেণ্ডৰ নাগৰিকক।
যোৱা ১ ছেপ্টেম্বৰত হাতীগাঁও আৰক্ষীৰ সীমান্ত শাখাই গুৱাহাটীৰ ৩ নং বশিষ্টপুৰ বাইলেনত থকা ভাড়াঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অজনিকা মিলছ এণ্টনি (Oznika Milos Antony) নামৰ পোলেণ্ডৰ নাগৰিকগৰাকীক।
তেওঁৰ বিৰুদ্ধে বিদেশী আইনৰ ১৪বি ধাৰাত গোচৰ ৰুজু কৰা হৈছে।
বিগত ৭ বছৰ ধৰি অবৈধভাৱে অসমত থাকিছিল এণ্টনি। ২০১৬ চনলৈকে তেওঁৰ বৈধ ভিছা আছিল যদিও পাছপ’ৰ্ট হেৰুৱাই মাত্ৰ ডুপ্লিকেট কপিহে দেখুৱাব পাৰিছিল। ডুপ্লিকেট কপি ২০২৬ চনলৈকে বৈধ।
Discussion about this post