সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰাৰ কেইঘণ্টামান পূৰ্বে ৰে’ল মন্ত্ৰণালয়ে ভুজ-আহমেদাবাদ বন্দে মেট্ৰ’ৰ নাম নমো ভাৰত ৰেপিড ৰে’ললৈ ( Namo Bharat Rapid Rail) সলনি কৰে ।
ইয়াৰ প্ৰথম সেৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভুজ ৰে’ল ষ্টেচনৰ পৰা ফ্লেগ অফ কৰে । তেওঁ ছেকচন ১ মেট্ৰ’ ষ্টেচনৰ পৰা গিফ্ট চিটিলৈ ৰে’লখনত যাত্ৰা কৰে ।
আন্তঃমহানগৰ সংযোগ বৃদ্ধিৰ লক্ষ্যৰে এই ৰেপিড ৰে’লখনে ৫.৪৫ ঘণ্টাৰ ভিতৰত ভুজৰ পৰা আহমেদাবাদলৈ ৩৫৯ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব । ইয়াৰ মাজতে ৰে’লখন নটা ষ্টেচনত ৰ’ব । ষ্টেচনকেইটা হৈছে অঞ্জৰ, গান্ধীধাম, ভাচাউ, চামাখিয়ালী, হালৱাদ, ধ্ৰাংধৰা, বিৰামগাম, চান্দলোদিয়া আৰু সবৰমতী । ৰাইজৰ বাবে এই ৰে’লৰ নিয়মীয়া সেৱা 17 ছেপ্টেম্বৰত আহমেদাবাদৰ পৰা আৰম্ভ হ’ব । মুঠ যাত্ৰাকালৰ বাবে ভাৰা হ’ব ৪৫৫ টকা ।
“মন্ত্ৰণালয়ে বন্দে মেট্ৰ’ৰ নাম নমো ভাৰত ৰেপিড ৰে’ললৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে ।” ৰে’লৱেৰ মুখপাত্ৰ এগৰাকী ইয়াৰ পূৰ্বে সোমবাৰে কয় । ৰে’ল মন্ত্ৰণালয়ৰ মতে, আন মেট্ৰ’সমূহে কেৱল কম দূৰত্ব অতিক্ৰম কৰাৰ বিপৰীতে নমো ভাৰত ৰেপিড ৰে’লসমূহে আহমেদাবাদৰ কেন্দ্ৰস্থলক ইয়াৰ প্ৰান্তীয় চহৰসমূহৰ সৈতে সংযোগ কৰিব ।
Discussion about this post