এলেন মাস্কৰ ষ্টাৰলিংকক মাত্ৰ ২০ লাখ সংযোগ দিবলৈহে কেন্দ্ৰই দিছে অনুমতি । দূৰ সংযোগ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছানীয়ে এই কথা সদৰী কৰিছে। উল্লেখযোগ্য যে এলেন মাস্কৰ ষ্টাৰলিংকে ভাৰতত মাত্ৰ ২০ লাখ গ্ৰাহকক ইণ্টাৰনেট সংযোগ প্ৰদান কৰাৰ লগতে গ্ৰাহকক ২০০ এম বি পি এছ পৰ্যন্ত ইণ্টাৰনেট স্পীড প্ৰদান কৰিব বুলি মন্ত্ৰীগৰাকীয়ে এই তথ্য প্ৰকাশ কৰিছে। কেন্দ্ৰৰ এই অনুমতিয়ে দেশৰ চৰকাৰী বি এছএন এল অথবা অন্যান্য টেলিকম অপাৰেটৰত কোনো প্ৰভাৱ নেপেলাব বুলি দূৰ সংযোগ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেখৰ পেম্মাছানীয়ে আজি প্ৰকাশ কৰে।
Discussion about this post