১৭ দিনৰ অন্তত মঙ্গলবাৰে নিশা উদ্ধাৰ হ’ল উত্তৰকাশীৰ ছিলকিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকীকৈ শ্ৰমিক। ইয়াৰ লগে লগে এক শ্বাসৰুদ্ধকাৰী অভিযানৰ অন্ত পৰিছে। লগে লগে অন্ত পৰিল দেশৰ ভিন্ন স্থানৰ ৪১ টাকৈ পৰিয়ালৰ দুঃচিন্তা।
শ্ৰমিক কেইজনক নিৰাপদে উলিয়াই অনাৰ পিছতেই তেওঁলোকক চিনিয়ালিছাউৰত নিৰ্মিত চিকিৎসালয়লৈ নিয়া হয়, য’ত আটাইকেইজন শ্ৰমিক ৪৮ ঘণ্টালৈ চিকিৎসকৰ তত্বাৱধানত থাকিব। ইয়াৰ পিছত তেওঁলোকক পৰিয়ালক লগ কৰিবলৈ দিয়া হ’ব।
উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই কঠিন উদ্ধাৰ অভিযানত ১৭ দিন দিনে-নিশাই কাম কৰা সকলো সংস্থা, কৰ্মচাৰী NDRF, SDRF, আই TBP, BROৰ লগতে আন্তঃৰাষ্ট্ৰীয় টানেলিং বিশেষজ্ঞ আৰ্নল্ড ডিক্স আৰু তেওঁৰ দল আৰু ক্ৰীছ কুপাৰক ধন্যবাদ জ্ঞাপন কৰে। লগতে ধামীয়ে কয় যে, ছিলকিয়াৰা সুৰংগত আৱদ্ধ হৈ থকা সকলো শ্ৰমিককে ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ বাবে বিষয়াসকলক নিৰ্দেশনা দিয়া হৈছে। ইয়াৰোপৰিও শ্ৰমিকসকল ঘৰলৈ যোৱালৈকে চিকিৎসালয়ত তেওঁলোকৰ চিকিৎসাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হ’ব।
এই সুৰংগত আৱদ্ধ হৈ থকা ৪১ গৰাকীকৈ শ্ৰমিকৰ ভিতৰত কোকৰাঝাৰৰো দুজনকৈ শ্ৰমিক আছিল। এই শ্ৰমিক দুগৰাকী ক্ৰমে ৰামফলবিলৰ ৰামুপ্ৰসাদ নাৰ্জাৰী আৰু সঞ্জয় বসুমতাৰী।
নিশা এই দুয়ো শ্ৰমিক উদ্ধাৰ হোৱাৰ খবৰ পোৱা মাত্ৰকে গাওঁখনৰ লোকসকল তেওঁলোকৰ ঘৰত আহি ভিৰ কৰেহি আৰু আনন্দত আত্মহাৰা হৈ পৰে। তেওঁলোকে এই উদ্ধাৰকাৰ্যৰ বাবে চৰকাৰ তথা প্ৰশাসনক ধন্যবাদ জনোৱাৰ লগতে নেদেখাজনকো প্ৰণাম জনায়।
Discussion about this post