চিকিৎসা বিজ্ঞান তথা ঔষধ প্ৰস্তুতকৰণত আগবাঢ়িছে ভাৰত। এই দাবী কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱৰ। শেহতীয়াকৈ ইণ্ডিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ ফ’ৰামৰ বাৰ্ষিক অনুষ্ঠানত তেওঁ কয় যে, ভাৰতে ঔষধৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। যোৱা এবছৰত সমগ্ৰ বিশ্বতে বিতৰণ কৰা ৮ বিলিয়ন ভেকচিনৰ আধাখিনিয়েই ভাৰতত প্ৰস্তুত কৰা হৈছে।
ভাৰত এতিয়া বিশ্বৰ জেনেৰিক ঔষধ (ভেকচিন)ৰ ক্ষেত্ৰত তৃতীয় বৃহত্তম উৎপাদনকাৰী আৰু মূল যোগানকাৰী দেশ। এই খণ্ডটোত ভাৰতৰ এনে সফলতাৰ বাবেই বিশ্বজুৰি স্বাস্থ্যসেৱা ব্যৱস্থাত যথেষ্ট সঞ্চয় হৈছে। কেৱল সেয়াই নহয়, আমেৰিকা যুক্ত ৰাষ্ট্ৰৰ দৰে উন্নত ৰাষ্ট্ৰৰ স্বাস্থ্যসেৱা খণ্ডতো ভাৰতে উল্লেখযোগ্য অৱদান আগবঢ়াইছে।
কেন্দ্ৰীয় স্বাস্থ্য সচিব পুণ্য সলিলা শ্ৰীবাস্তৱে কয়, “ভাৰতীয় ঔষধ উদ্যোগে বিশ্বলৈ আগবঢ়োৱা অৱদানৰ প্ৰমাণ হৈছে আমেৰিকাৰ বাহিৰত ভাৰততে সৰ্বাধিক সংখ্যক আমেৰিকান এফ ডি এ অনুমোদিত ঔষধ উদ্যোগ আছে। আমেৰিকাৰ বাহিৰত এফ ডি এ অনুমোদিত মুঠ ঔষধ উদ্যোগৰ ২৫ শতাংশই আছে ভাৰতত।
ভাৰত এতিয়া ভেকচিন উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰ হৈছে। বিশ্বত প্ৰস্তুত হোৱা সকলো ভেকচিনৰ ৫০ শতাংশই উৎপাদন হয় ভাৰতত। কেৱল বিগত এবছৰত সমগ্ৰ বিশ্বতে প্ৰস্তুত কৰা আৰু বিতৰণ কৰা ৮ বিলিয়ন ভেকচিন ড’জৰ ভিতৰত ৪ বিলিয়ন ড’জেই ভাৰতত প্ৰস্তুত কৰা হৈছে বুলিও স্বাস্থ্য সচিবগৰাকীয়ে উল্লেখ কৰে।
বৰ্তমান চিকিৎসা বিজ্ঞান তথা ঔষধ প্ৰস্তুতকৰণৰ লগতে তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰতো ভাৰত এতিয়া বিশ্বৰ ভিতৰতে অন্যতম এখন দেশ হিচাপে পৰিগণিত হৈছে।
ভাৰতে বিশেষকৈ বৈদ্যুতিক সামগ্ৰী প্ৰস্তুত কৰা দেশ হিচাপে আন্তৰ্জাতিক ক্ষেত্ৰখনত ক্ৰমান্বয়ে সুনাম অৰ্জন কৰিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ভাৰতৰ পৰা এপেলৰ আইফোন ৰপ্তানি যথেষ্ট বৃদ্ধি পাইছে। ২০২৪ চনৰ মাৰ্চ মাহৰ পৰা ছেপ্টেম্বৰ মাহ , এই ৬ মাহৰ ভিতৰতে এপলে ভাৰতত নিৰ্মিত প্ৰায় ৬ বিলিয়ন ডলাৰৰ আইফোন অন্য দেশলৈ ৰপ্তানি কৰিছে। পূৰ্বৰ বছৰৰ তুলনাত এই ৰপ্তানিৰ হাৰ প্ৰায় ৩০% বৃদ্ধি পোৱা বুলি প্ৰতিবেদনত উল্লেখ কৰিছে।
ব্লুমবাৰ্গে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, এপেলে ভাৰতত উৎপাদনকাৰী প্লান্ট স্থাপন কৰাৰে পৰা এতিয়ালৈকে প্ৰায় ১৪ বিলিয়ন আইফোন ৰপ্তানি কৰিছে ভাৰতৰ পৰাই। ২০২৪ চনৰ বিত্তীয় বৰ্ষৰ শেষলৈকে এই হাৰ আৰু অধিক হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, এপেলৰ বাবে দুটা প্লাণ্ট চলোৱা টাটা ইলেক্ট্ৰনিকছ হৈছে ফক্সকন আৰু পেগাট্ৰনৰ সৈতে এপলৰ আটাইতকৈ বৃহৎ নিয়োগ সৃষ্টিকাৰী প্ৰতিষ্ঠান। টাটা ইলেক্ট্ৰনিকছে দক্ষিণ ভাৰতত সক্ৰিয়ভাৱে আইফোনৰ ব্যৱসায় অব্যাহত ৰাখিছে । এপ্ৰিলৰ পৰা ছেপ্টেম্বৰলৈকে কৰ্ণাটকৰ কাৰখানাৰ পৰা প্ৰায় ১.৭ বিলিয়ন ডলাৰৰ আইফোন ৰপ্তানি কৰিছিল টাটা ইলেক্ট্ৰনিকছে।
২০২৩- ২০২৪ চনৰ বিত্তীয় বৰ্ষত এপেলে ভাৰতত ১৪ বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছিল। এই সংখ্যা পূৰ্বৰ বছৰৰ উৎপাদনৰ তুলনাত দুগুণ আছিল। এপলে ইতিমধ্যে ভাৰতক এক গুৰুত্বপূৰ্ণ উৎপাদন কেন্দ্ৰ হিচাপে গণ্য কৰি কাম কৰি গৈছে। উল্লেখ কৰা প্ৰয়োজন যে, আইফোন ১৬ প্ৰ আৰু প্ৰ মেক্স ফোনৰ প্ৰিমিয়াম মডেল ভাৰততে উৎপাদন কৰা হৈছিল। মুম্বাই,দিল্লীৰ পাছত নতুনকৈ বাংগালোৰ আৰু পুনেত আইফোনৰ ফ্লেগশ্বিপ ষ্ট’ৰ মুকলি কৰি ভাৰতত খুচুৰা ব্যৱসায় শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে এপেলে।
Discussion about this post