BFS (Bharat Forecast System) : মেক ইন ইণ্ডিয়াৰ অধীনত ভাৰতৰ প্ৰযুক্তিখণ্ডত সংযোজন হ’ল এক নতুন প্ৰযুক্তি। শেহতীয়াকৈ সংযোজিত প্ৰযুক্তিবিধে ভাৰতৰ বতৰৰ ভৱিষ্যদ্বাণী ক্ষমতা আৰু অধিক সুদৃঢ় কৰিব। তাৰোপৰি ই নিখুঁত আগজাননী প্ৰদান কৰিব।
উল্লেখযোগ্য যে, নতুন প্ৰযুক্তি ব্যৱস্থাটোৰ নাম হৈছে ভাৰত পূৰ্বাভাস ব্যৱস্থা চমুকৈ BFS (Bharat Forecast System)। সোমবাৰে নতুন দিল্লীৰ এক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জীতেন্দ্ৰ সিঙে আনুষ্ঠানিকভাৱে উন্মোচন কৰে এই ব্যৱস্থাটো।
অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয়, “প্ৰয়াস ভাৰতীয়, প্ৰযুক্তি ভাৰতীয়, আৰু হিতাধিকাৰী ভাৰতীয়। এয়া সঁচা আত্মনিৰ্ভৰতা (Atmanirbharta)।তদুপৰি এই ব্যৱস্থাই বিশ্বজুৰি অন্যান্য গ্রীষ্মমণ্ডলীয় অঞ্চলসমূহকো উপকৃত কৰিব, বিশেষকৈ যিবোৰ ঠাইত বতৰৰ আটাইতকৈ জটিল আৰু পৰিৱৰ্তনশীল প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয়।”
BFS (Bharat Forecast System) হৈছে বিশ্বৰ সৰ্বোচ্চ ৰিজ’লিউচনৰ বতৰ মডেল। যিটো ৬ কিলোমিটাৰ গ্ৰীডত চলি থাকে। পাৰ্থসাৰথি মুখোপাধ্যায়কে ধৰি কেইবাগৰাকী গৱেষকে প্ৰস্তুত কৰিছে ইয়াৰ আৰ্হি।
এই সম্পৰ্কত এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, নতুনকৈ সংযোজিত হোৱা এই ব্যৱস্থাটোৱে বতৰৰ আগলি বতৰা নিৰ্ধাৰণ কৰাত ই উল্লেখযোগ্য মাইলৰ খুঁটি স্থাপন কৰিব। এই ব্যৱস্থাটোৰ ফলত দেশত হ্ৰাস পাব দুৰ্যোগৰ আশংকা। উপকৃত হ’ব কৃষি, জলসম্পদ ব্যৱস্থাপনাকে ধৰি কেইবাটাও খণ্ড।
উল্লেখ যে Ministry of Earth Sciences (MoES) ৰ অংশ পুনেৰ Indian Institute of Tropical Meteorology (IITM), য়ে BFS প্ৰস্তুত কৰিছিল।
BFS প্ৰস্তুত কৰা Indian Institute of Tropical Meteorology (IITM) ৰ বিজ্ঞানীসকলে কয় যে ২০২২ চনৰ পৰাই এই প্ৰযুক্তি কাৰ্যক্ষম হৈ আহিছে।
Discussion about this post