নাছাৰ প্ৰথম গ্ৰহাণুৰ নমুনা পৃথিৱীত অৱতৰণ কৰে !!!
গভীৰ মহাকাশৰ পৰা নাছাৰ (NASA) এখন মহাকাশযানে বেন্নু নামৰ কাৰ্বন সমৃদ্ধ গ্ৰহাণুটোৰ পৰা প্ৰায় ২৫০ গ্ৰাম নমুনা সংগ্ৰহ কৰি দেওবাৰে পেৰাচুটেৰে উটাহৰ মৰুভূমিত অৱতৰণ কৰে । নমুনা সংগ্ৰহ কৰি মহাকাশযানখন পৃথিৱীলৈ ঘূৰি আহিবলৈ সাত বছৰ লাগিছিল ।
নাছাৰ (NASA) এই মহাকাশযানখনে ২০১৬ চনত এম্পায়াৰ ষ্টেট বিল্ডিঙৰ উচ্চতাৰ তুলনাত প্ৰায় ১৯০ ফুট বহল কাৰ্বন সমৃদ্ধ গ্ৰহাণু বেন্নুৰ পৰা নমুনা সংগ্ৰহ বাবে ৰাওনা হৈছিল। দুবছৰৰ পিছত ই বেন্নু গ্ৰহাণুত উপস্থিত হয়।
নাছাৰ (NASA) অচিৰিছ-ৰেক্স (Osiris-Rex) নামৰ কেপচুল এটাৰ জৰিয়তে গ্ৰহাণু বেন্নুলৈ মহাকাশযান প্ৰেৰণ কৰা হৈছিল।
২০১৬ চনত গ্ৰহাণু বেন্নুলৈ যাত্ৰা কৰা মহাকাশযানখনে ঘূৰি অহাৰ সময়লৈকে প্ৰায় ৬৩ বিলিয়ন কিলোমিটাৰ পথ অতিক্ৰম কৰিছিল।
ৰিকাভাৰী টিমৰ সদস্যসকলে গ্ৰহাণুৰ নমুনা থকা কেপচুলটো উটাহ ডাগৱে প্ৰভিং গ্ৰাউণ্ডৰ (Utah Dugway Proving Ground) অস্থায়ী কোঠালৈ লৈ যায় পৰিষ্কাৰ কৰিবলৈ ।
(Bennu is a carbonaceous asteroid in the Apollo group discovered by the LINEAR Project on 11 September 1999.)
Discussion about this post