ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ‘গগণযান’ নামৰ মানৱ মহাকাশযানত দেশৰ ৪ গৰাকী লোকক চন্দ্ৰলৈ পঠোৱাৰ বাবে যোজা চলাই আছে।
আজি তিৰুৱনন্তপুৰমৰ বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত মহাকাশ অভিযান ‘গগনযান’ৰ মহাকাশচাৰীৰ নাম ঘোষণা কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। ‘গগনযান’ অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন মহাকাশচাৰী হৈছে গ্ৰুপ কেপ্তেইন প্ৰসান্ত বালকৃষ্ণন নাইৰ, গ্ৰুপ কেপ্তেইন অজিত কৃষ্ণন, গ্ৰুপ কেপ্তেইন অংগদ প্ৰতাপ আৰু উইং কমাণ্ডাৰ শুভাংশু শুক্লা।
মানৱ মহাকাশ উৰণ অভিযানৰ লক্ষ্য হৈছে তিনিজনীয়া দল এটাক নিম্ন পৃথিৱীৰ কক্ষপথত (Low Earth Orbit) নিক্ষেপ কৰি তিনিদিনৰ পিছত তেওঁলোকক ঘূৰাই অনা। অভিযানৰ বাবে নিৰ্বাচিত মহাকাশচাৰীসকলক কাৰিকৰী জ্ঞানৰ লগতে শাৰীৰিক ফিটনেছৰ প্ৰশিক্ষণ দিয়া হৈছে যাতে তেওঁলোকে অভিযানৰ সময়ত ভালদৰে থাকিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে, “দেশে ‘গগণযান’ৰ চাৰিজন যাত্ৰীৰ বিষয়ে জানিবলৈ লৈছে। এইয়া কেৱল চাৰিটা নাম বা চাৰিজন মানুহ নহয়। এইয়া হৈছে চাৰিটা শক্তি যিয়ে ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাক মহাকাশলৈ লৈ যাব।” তেওঁ লগতে কয় যে চল্লিশ বছৰৰ পাছত এজন ভাৰতীয় মহাকাশলৈ যাব। কিন্তু এইবাৰ সময়, কাউণ্টডাউন আৰু ৰকেট আমাৰ। ”
ইয়াৰ পূৰ্বে উইং কমাণ্ডাৰ ৰাকেশ শৰ্মা (অৱসৰপ্ৰাপ্ত) ১৯৮৪ চনত ছোভিয়েট মিছনৰ অংশ হিচাপে মহাকাশলৈ গৈছিল।
প্ৰধানমন্ত্ৰীয়ে কয় যে যি সময়ত ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হ’বলৈ সাজু হৈছে, সেই সময়ত ‘গগণযান’ অভিযানে আমাৰ মহাকাশ খণ্ডক নতুন উচ্চতালৈ লৈ যাব।
Discussion about this post