ভাৰতীয় মূলৰ আমেৰিকান মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী বাচ্চ উইলমৰে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা পৃথিৱীলৈ উভতি আহিব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই শনিবাৰে (২৪ আগষ্ট) এই বিবৃতিত এই তথ্য প্ৰদান কৰিছে ।
অৱশেষত নাছাই স্বীকাৰ কৰি ল’লে যে ISS ত আবদ্ধ হৈ থকা মহাকাশচাৰী দুজনক বয়িঙৰ নতুন ষ্টাৰলাইনাৰ কেপচুলত অনাটো বিপদজনক হ’ব পাৰে । দুয়োজন মহাকাশচাৰীকে ৫ জুনত একেখন মহাকাশযানেৰে ISS লৈ প্ৰেৰণ কৰা হৈছিল । এইটোৱেই আছিল ষ্টাৰলাইনাৰ কেপচুলৰ (Starliner capsule) প্ৰথম উৰণ ।
নাছাই জনোৱা মতে, সুনীতা আৰু বেৰী উইলম’ৰ ফেব্ৰুৱাৰী মাহত ইলন মাস্কৰ কোম্পানী স্পেচএক্সৰ ড্ৰেগন মহাকাশযানত ঘূৰি আহিব । একে সময়তে ষ্টাৰলাইনাৰ কেপচুলটো ISS ৰ পৰা পৃথক হৈ এসপ্তাহ বা দুসপ্তাহৰ পাছত অটোপাইলট মোডলৈ ঘূৰি আহিবলৈ চেষ্টা কৰিব ।
সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰক অনাৰ বাবে ছেপ্টেম্বৰ মাহত ISS লৈ যাবলৈ লোৱা মাস্কৰ মহাকাশযানখনত এইবাৰ চাৰিজন মহাকাশচাৰীৰ পৰিৱৰ্তে মাত্ৰ দুজন মহাকাশচাৰী থাকিব।
কিন্তু খবৰ অনুসৰি, সুনীতা উইলিয়ামছে ISS ত থকাৰ সময়ত দৃষ্টিশক্তিৰ সমস্যাৰ সন্মুখীন হৈছে । ই হৈছে মাইক্ৰ’গ্ৰেভিটিৰ সম্প্ৰসাৰিত সংস্পৰ্শৰ সৈতে সম্পৰ্কিত এক পৰিস্থিতি । স্পেচফ্লাইট এছ’চিয়েটেড নিউৰো-অকুলাৰ ছিণ্ড্ৰম (এছ এ এন এছ) নামে পৰিচিত এই সমস্যাটোৱে শৰীৰত তৰল পদাৰ্থ বিতৰণ প্ৰভাৱিত কৰে । যাৰ ফলত অস্পষ্ট দৃষ্টিশক্তি আৰু চকুৰ গাঁথনিৰ পৰিৱৰ্তনৰ দৰে দৃশ্যমান বিভ্ৰান্তি হয় ।
Discussion about this post