নগাঁৱৰ লোকসভা সমষ্টিৰ সাংসদ তথা উত্তৰ – পূৱ কংগ্ৰেছ সমিতিৰ আহ্বায়ক শ্ৰীপ্ৰদ্যুত বৰদলৈ আজি উপস্থিত থাকে দিল্লী বিশ্ববিদ্যালয়ৰ “কিৰোৰী মল মহাবিদ্যালয়”ত অনুষ্ঠিত হোৱা এক আলোচনাচক্ৰত । এই আলোচনাচক্ৰৰ বিষয়বস্তু আছিল “Dialogue for change , NORTHEAST INDIA in the mainstream discourse” .
ইয়াত ভাগ লৈ সাংসদ গৰাকীয়ে উল্লেখ কৰে যে, বহি ৰাজ্যত থকা উত্তৰ – পূৰ্বাঞ্চলৰ ছাত্ৰ- ছাত্ৰী বা কৰ্মৰত যুৱক- যুৱতী সকলে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ বুজিবলৈ আৰু এই সমস্যাসমূহ সমাধানৰ বাবে মাজে সময়ে এনেধৰণৰ আলোচনাচক্ৰ অনুষ্ঠিত কৰাটো খুবেই প্ৰয়োজনীয়। লগতে তেওঁ কয় যে, এই আলোচনাচক্ৰত ভাগ লৈ তেওঁ এই সন্দৰ্ভত বহু কেইটা দিশ জনাৰ সুবিধা লাভ কৰে আৰু এই সমস্যা সমুহ ৰ সমাধানৰ বাবে তেওঁ আগন্তুক সাংসদ অধিৱেশনত এই বিষয়ে উথাপন কৰিব বুলি উল্লেখ কৰে।
চাওঁক –
Discussion about this post